নেচনেল ডেস্ক,20 ডিচেম্বৰ : গুজৰাট উপকূলত ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰা এগৰাকী পাকিস্তানী মাছমৰীয়াক নাৱেৰে সৈতে সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) কৰায়ত্ব কৰিছে ৷ দেওবাৰে বি এছ এফৰ সূত্ৰই এই কথা জানিবলৈ দিয়ে ৷ শনিবাৰে সন্ধিয়া ছাৰ ক্ৰিক অঞ্চলত প্ৰৱেশ কৰা অৱস্থাত বি এছ এফৰ গুজৰাট প্ৰান্তৰ কৰ্মীসকলে মাছমৰীয়া জনক কৰায়ত্ব কৰে ৷
এক বিবৃতিযোগে বিএছ এফৰ সূত্ৰই কয় যে 19 ডিচেম্বৰত দায়িত্বত থকা বি এছ এফৰ জোৱানে পাকিস্তানী মাছমৰীয়াৰ নাওখন ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰাৰ পাছতে নাওখনৰ সৈতে সেনা কেইজনে মাছমৰীয়া জনক কৰায়ত্ব কৰে ৷