নেচনেল ডেস্ক, 8 জানুৱাৰী:
26/11ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ জাকি-উৰ-ৰেহমান লাকভিক পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে 15 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ শুকুৰবাৰে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড গৰাকীক সন্ত্ৰাসবাদৰ বাবে পুঁজি যোগান ধৰাৰ অভিযোগত এই শাস্তি প্ৰদান কৰে ৷
শনিবাৰে পঞ্জাৱ প্ৰদেশৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগ (চিটিডি) য়ে 2015 চনৰ পৰা জামিনত থকা 61 বৰ্ষীয় সন্ত্ৰাসবাদী গৰাকীক গ্ৰেপ্তাৰ কৰিছিল ৷ এন্টি-টেৰ'ৰিজিম এক্ট 1997 ৰ আধাৰত বিভিন্ন ধাৰাত চিটিডিয়ে 15 বছৰৰ বাবে তৰা এক গোচৰৰ ভিত্তিত লাহোৰৰ এন্টি-টেৰ'ৰিজিম কৰ্টে লাখভিক সন্ত্ৰাসবাদত পুঁজি যোগানৰ অভিযোগত দোষী সাব্যস্ত কৰে ৷