নিউজ ডেস্ক, 12 নৱেম্বৰ :হাফিজ চৈয়দৰ জামাত-উড-ডাৱা নামৰ সংগঠনৰ মুখপাত্ৰকে ধৰি তিনিগৰাকীক জেললৈ প্ৰেৰণ কৰিছে পাকিস্তানে ৷ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড চৈয়দৰ এইটো সংগঠনে সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰা হৈছে সংগঠনটোৰ মুখপাত্ৰ য়াহা মুজাহিদৰ লগতে চৈয়দৰ জোৱাই আৰু আন এগৰাকী নেতাক ৷
পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী শীৰ্ষ আদালতে য়াহা মুজাহিদক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ কৰিছে ৷ আদালতৰ ন্যায়াধীশ ইয়াজ আহমেদ বুট্টাৰে অধ্যাপক জফৰ ইকবাল আৰু অধ্যাপক হাফিজ আব্দুল ৰহমান (হাফিজ চৈয়দৰ জোৱাই)ক 16 বৰ্ষৰ বাবে পৃথকে জেললৈ প্ৰেৰণ কৰিছে ৷
আদালতে উল্লেখ কৰা মতে, আন দুগৰাকী জামাত-উড-ডাৱাৰ সদস্য আব্দুল ছালাম বিন মহম্মদ আৰু লুকমান শ্বাহকো সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অপৰাধত তদন্তৰ আওঁতালৈ অনা হৈছে আৰু তেওঁলোকৰ শুনানি অহা 16 নৱেম্বৰত গ্ৰহণ কৰা হ'ব ৷ বিগত সপ্তাহত সন্ত্ৰাসবাদ বিৰোধী আদালতে সংগঠনটোৰ হাফিজ আব্দুল ৰেহমান মাক্কি, জফৰ ইকবাল আৰু মহম্মদ আশ্ৰফ নামৰ তিনিগৰাকীক জেললৈ প্ৰেৰণ কৰিছিল ৷ জফৰ ইকবাল আৰু মহম্মদ আশ্ৰফক 16 বছৰৰ কাৰাদণ্ড বিহা হৈছে আৰু 1,70,000 টকাৰ জৰিমনা বিহা হৈছে ৷ বিগত বৰ্ষৰ ছেপ্তেম্বৰত অধ্যাপক জফৰ ইকবাল আৰু হাফিজ আব্দুছ চালাম বিন মহম্মদক 16 বছৰৰ লগতে মাক্কিক দেৰবছৰৰ বাবে কাৰাদণ্ড বিহিছিল ৷