নেশ্যনেল ডেস্ক, ২৫ জুন : জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন গৃহ মন্ত্ৰী পি চিদাম্বৰমে । কেন্দ্ৰীয় চৰকাৰে প্ৰথমে জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা আৰু পিছত ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব বিচৰা কাৰ্যক উদ্ভট আখ্যা দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । এই সন্দৰ্ভত শুকুৰবাৰে তেওঁ কয় যে, কংগ্ৰেছ আৰু জম্মু আৰু কাশ্মীৰৰ অন্যান্য দলে প্ৰথমে ৰাজ্যৰ মৰ্যাদা বিচাৰে আৰু তাৰ পিছত নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰিছে ।
টুইটযোগে প্ৰতিক্ৰিয়া কৰি তেওঁ উল্লেখ কৰে যে, চৰকাৰৰ উদ্দেশ্য হৈছে প্ৰথমে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু পিছত জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা । তেওঁৰ মতে, জম্মু আৰু কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ হোৱাৰ পিছত নিৰ্বাচন অনুষ্ঠিত হওক । ৰাজ্যই নিৰ্বাচন অনুষ্ঠিত কৰিবই লাগিব আৰু তেনে নিৰ্বাচনহে নিৰপেক্ষ হ'ব ।
উদাহৰণ দাঙি ধৰি তেওঁ উল্লেখ কৰে যে, সাধাৰণতে ঘোঁৰাগাড়ী ঘোঁৰাটোৱে টানে অৰ্থাৎ ঘোঁৰাটো আগফালে থাকে । কিন্তু ইয়াত চৰকাৰে সন্মুখত গাড়ীখন ৰাখিছে আৰু পিছফালে ঘোঁৰাটো ৰাখিব বিচাৰিছে ।