নিউজ ডেস্ক:OYO ৰ প্ৰতিষ্ঠাপক ৰিতেশ আগৰৱালাৰ(OYO founder Ritesh Agarwal) পিতৃ ৰমেশ আগৰৱালাৰ মৃত্যু ৷ প্ৰাপ্ত খবৰ অনুসৰি গুৰুগ্ৰামত অৱস্থিত এটা সুউচ্চ অট্টালিকাৰ 20 নং মহলাৰ পৰা পৰি মৃত্যু হয় ৰিতেশ আগৰৱালাৰ পিতৃৰ(Ritesh Agarwals father dies) ৷ যোৱা শুকুৰবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ ৰিতেশ আগৰৱালাৰ বিয়াৰ মাত্ৰ দুদিন পিছতে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে । যোৱা 7 মাৰ্চত বিবাহপাশত আবদ্ধ হৈছিল ৰিতেশ আগৰৱালা ৷ বৰ্তমানলৈকে এই ঘটনাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই ৷
একেদিনাই এক বিবৃতিৰ জৰিয়তে ৰিতেশ আগৰৱালাই এই ঘটনাৰ বিষয়ে সকলোকে অৱগত কৰে আৰু অনুৰোধ কৰি কয় যে,শোকৰ সময়ত সকলোৱে যাতে তেওঁলোকৰ গোপনীয়তাক সন্মান কৰে ৷ "অত্যন্ত দুখেৰে মই আৰু মোৰ পৰিয়ালে জনাব বিছাৰোঁ যে আমাৰ পথ প্ৰ্ৰদৰ্শক, শক্তি আৰু সাসহ, মোৰ দেউতা ৰমেশ আগৰৱালাৰ যোৱা 10 মাৰ্চত দেহাৱসান ঘটে ৷ মোৰ লগতে আমাৰ বহুতকে তেওঁ প্ৰতিদিনে অনুপ্ৰাণিত কৰিছিল ৷ তেওঁৰ মৃত্যু আমাৰ পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি ৷ দেউতাৰ সহানুভূতি আৰু উপস্থিতিয়ে আমাক আমাৰ আটাইতকৈ কঠিন সময়খিনিৰ মাজেৰে পাৰ কৰি আগুৱাই লৈ গ'ল ৷ তেওঁৰ কথাবোৰ আমাৰ হৃদয়ত গভীৰভাৱে প্ৰতিধ্বনিত হ'ব ৷ আমি সকলোকে এই দুখৰ সময়ত আমাৰ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছো ৷" প্ৰকাশ কৰা বিবৃতিটোৰ জড়িয়তে ৰিতেশ আগৰৱালাই এই কথা সদৰী কৰে ৷
শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত গুৰুগ্ৰাম ইষ্টৰ ডিচিপিয়ে এই মৃত্যুৰ তথ্য লাভ কৰা বুলি সূত্ৰক অৱগত কৰে ৷ এটা সুউচ্চ অট্টালিকাৰ 20 নং মহলাৰ পৰা পৰি ৰমেশ আগৰৱালাৰ মৃত্যু হ'ল বুলি আমাক কোৱা হৈছিল ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰমেশ আগৰৱালাৰ পত্নী, পুত্ৰ ৰীতেশ আগৰৱালা আৰু তেওঁৰ পত্নী ঘৰত আছিল । আমি ঘটনাস্থলীৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ কৰা নাই ৷ বিষয়াজনে লগতে সংবাদ মাধ্যমক অৱগত কৰি কয় যে ইতিমধ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ।