অসম

assam

ETV Bharat / bharat

ভাৰতত উপস্থিত থাইলেণ্ডৰ অক্সিজেন ভৰ্তি বিমান - ছিংগাপুৰৰ পৰা খালী অক্সিজেন পাত্ৰ বিমানেৰে উৰা মাৰিছে

ভাৰতীয় বায়ু সেনাৰ (আইএএফ) বিমানযোগে থাইলেণ্ডৰ পৰা অনা অক্সিজেন ভৰ্তি কণ্টেইনাৰবোৰ অনা হয় । ইতিমধ্যে আইএএফ চি ১৭ পৰিবহন বিমানে মঙলবাৰে ছিংগাপুৰৰ পৰা খালী অক্সিজেন পাত্ৰ বিমানেৰে উৰা মাৰিছে । ইয়াৰ ফলত দেশত অক্সিজেনৰ নাটনি হ্ৰাস হ'ব ।

ভাৰতত উপস্থিত থাইলেণ্ডৰ অক্সিজেন ভৰ্তি বিমান
ভাৰতত উপস্থিত থাইলেণ্ডৰ অক্সিজেন ভৰ্তি বিমান

By

Published : Apr 28, 2021, 2:05 PM IST

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । বিশেষকৈ অক্সিজেনৰ নাটনিয়ে বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ বিমানযোগে থাইলেণ্ডৰ পৰা অনা অক্সিজেন ভৰ্তি কণ্টেইনাৰবোৰ অনা হয় । অক্সিজেন পৰিবহণৰ বাবে থাইলেণ্ডৰ পৰা ভাৰতলৈ লৈ অনা হয় ।

আনহাতে, মঙলবাৰে ছিংগাপুৰ আৰু ডুবাইৰ পৰা কেইখনমান খালী টেংকাৰ বিমানেৰে অনা হয় বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে । আইএএফ চি ১৭ পৰিবহন বিমানখনে ছিংগাপুৰৰ পৰা খালী অক্সিজেন পাত্ৰ বিমানেৰে উৰা মাৰিছে । ইয়াৰ ফলত দেশত অক্সিজেনৰ নাটনি হ্ৰাস হ'ব বুলি কয় গৃহ মন্ত্ৰালয়ে ।

শনিবাৰে ছিংগাপুৰৰ পৰা খালী অক্সিজেনৰ প্ৰথমটো পাত্ৰ বিমানেৰে অনা হৈছিল । সোমবাৰে ডুবাইৰ পৰা দ্বিতীয়টো পাত্ৰ অনা হৈছিল । অক্সিজেনৰ পাত্ৰবোৰ কঢ়িয়াই অনা তিনিওখন বিমান পশ্চিমবংগত অৱতৰণ কৰিছিল । যোৱা ২৩ এপ্ৰিলৰ পৰা গৃহ মন্ত্ৰালয়ে খালী অক্সিজেন টেংকাৰেৰে অক্সিজেন পৰিবহণ কৰাৰ প্ৰচেষ্টা চলাইছে ।

সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ ফলত অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিয়াত কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অক্সিজেন পৰিবহণ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে । লগতে যিসমূহ ৰাজ্যত আটাইতকৈ বেছি লোক সংক্ৰমিত হৈছে আৰু অক্সিজেনৰ তীব্ৰ নাটনি হৈছে সেইসমূহ ৰাজ্যত বিশেষ ৰে’ল যোগে অক্সিজেন পৰিবহণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, দেশত মঙলবাৰে ৩,২৩,১৪৪ জনৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । ফলত ১,৭৬,৩৬,৩০৭ লৈ বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা । ইফালে, ২,৭৭১ জন লোকৰ মৃত্যু হোৱাত নিহতৰ সংখ্যা ১,৯৭,৮৯৪ লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: ভাৰতৰ ভূমিত উপস্থিত বৃটেইনৰ সাহায্য কঢ়িওৱা বিমান

ABOUT THE AUTHOR

...view details