নেশ্যনেল ডেস্ক,২১ এপ্ৰিল:দেশজুৰি কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে একাংশ ৰাজ্যত অক্সিজেনৰ নাটনি দেখিবলৈ পোৱা গৈছে । অক্সিজেনৰ অভাৱত আনকি কিছুমান হাস্পতালত ৰোগীৰ মৃত্যু হোৱাৰো অভিযোগ উঠিছে ।
বুধবাৰে গুজৰাটৰ দুখন হাস্পতালত অক্সিজেন শেষ হোৱাৰ ফলত মৃত্যু হয় ১০ গৰাকীকৈ ৰোগীৰ । বনসাকান্থা জিলাৰ দুখনকৈ হাস্পতালত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ লগে লগে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যখনতে । ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ ডাঃ জাকিৰ হুছেইন চিকিৎসালয়তো অক্সিজেন টেংকাৰ লিক হোৱাৰ ঘটনাত কমেও ২২ জন লোক নিহত হয় ।