অসম

assam

By

Published : Apr 27, 2021, 2:17 PM IST

ETV Bharat / bharat

দিল্লীত উপস্থিত হ'ল প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ

ছত্তিশগড়ৰ ৰায়গড়ৰ পৰা 70 টন অক্সিজেন কঢ়িয়াই অনা প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ ৰাজধানী চহৰত উপস্থিত হয় মঙলবাৰে পুৱা ৷ মহামাৰী কৰ'ণাই দেশৰ ৰাজধানীত এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাচতে অক্সিজেনৰ অভাৱত বহু ৰোগীয়ে মৃত্যুক আঁকোৱালি লোৱাত মঙলবাৰে অহা অক্সিজেনে ৰোগী সকলক কিছু সকাহ দিব বুলি উল্লেখ কৰিলে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীযুষ গোৱেলে ৷

দিল্লীত উপস্থিত হ'ল প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ
দিল্লীত উপস্থিত হ'ল প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক,27 এপ্ৰিল: মঙলবাৰে ৰাজধানী চহৰ দিল্লীত উপস্থিত হ'ল জীৱনদায়িনী অক্সিজেন কঢ়িয়াই অনা প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ ৷ মহামাৰী কৰ'ণাই দেশৰ ৰাজধানীত এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাচতে অক্সিজেনৰ অভাৱত বহু ৰোগীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ৷ তাৰ পাচতে ছত্তিশগড়ৰ ৰায়গড়ৰ পৰা 70 টন অক্সিজেন কঢ়িয়াই অনা প্ৰথমখন এক্সপ্ৰেছ ৰাজধানী চহৰত উপস্থিত হয় বুলি ৰে'ল বিভাগে সদৰী কৰে ৷

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীযুষ গোৱেলে এক টুইটযোগে কয় যে, দিল্লীৰ ক'ভিড ৰোগীসকলৰ বাবে চৰকাৰখনে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰখিছে ৷ সমগ্ৰ দেশতে জীৱনদায়িনী অক্সিজেনৰ অভাৱ হৈছে ৷ যদিও মঙলবাৰে অহা অক্সিজেনে ৰোগীসকলক কিছু সকাহ দিব ৷ ইতিমধ্যে আংগুল, কলিংনগৰ, ৰুড়কেলা আৰু ৰায়পুৰৰ পৰা দিল্লীলৈ অক্সিজেন অনাৰ পৰিকল্পনা কৰা হৈছে যদিও দ্বিতীয়খন এক্সপ্ৰেছ সন্দৰ্ভত কোনো তথ্য নাই ৷

উল্লেখ্য যে, দিল্লী স্বাস্থ্য বিভাগে ইতিমধ্যে চিকিৎসালয়সমূহলৈ অক্সিজেন প্ৰেৰণৰ সকলো ব্যৱস্থা কৰিছে ৷ চৰকাৰী তথ্য মতে, চহৰখনত সোমবাৰৰ দিনটোত মুঠ 380 গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক: দেশত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৩.২৩ লাখ লোক

ABOUT THE AUTHOR

...view details