অসম

assam

By

Published : Apr 26, 2021, 8:17 PM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰত উপস্থিত দ্বিতীয়খন অক্সিজেন এক্সপ্ৰেছ

মহাৰাষ্ট্ৰত তীব্ৰ নাটনি হৈছে অক্সিজেনৰ । সোমবাৰে ৰাজ্যখনৰ কালাম্বোলিত অক্সিজেন ভৰ্তি তিনিখন টেংকাৰ কঢ়িয়াই অনা এখন ৰে'ল উপস্থিত হয় । এই তিনিখন অক্সিজেন টেংকাৰ জামনগৰৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ দ্বাৰা যোগান ধৰা হয় ।

মহাৰাষ্ট্ৰত দ্বিতীয়খন 'অক্সিজেন এক্সপ্ৰেছ' উপস্থিত
মহাৰাষ্ট্ৰত দ্বিতীয়খন 'অক্সিজেন এক্সপ্ৰেছ' উপস্থিত

নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: দেশত মহামাৰী কৰ'ণাৰ কাল সংক্ৰমণৰ লগতে তীব্ৰ নাটনি হৈছে অক্সিজেনৰ । ইয়াৰ বাবে ভাৰতীয় ৰে'ল বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত ১৪০ মেট্ৰিক টনতকৈ অধিক তৰল অক্সিজেন যোগান ধৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে মহাৰাষ্ট্ৰত ৩ খন টেংকাৰৰ এখন 'অক্সিজেন এক্সপ্ৰেছ' উপস্থিত হয় । সোমবাৰে গুজৰাটৰ জামনগৰৰ পৰা মুম্বাইৰ কালাম্বোলীত অক্সিজেন ভৰ্তি তিনিখন টেংকাৰ কঢ়িয়াই অনা এখন ৰে'ল উপস্থিত হয় । ভাৰতীয় ৰেল বিভাগে জানিবলৈ দিয়া মতে, প্ৰতিখন টেংকাৰত প্ৰায় ৪৪ টন তৰল অক্সিজেন কঢ়িয়াই অনা হৈছে । সোমবাৰে প্ৰায় ১৫ টন কঢ়িয়াই অনা ৰে'লখন পুৱা ১১.৩০ বজাত নৱী মুম্বাইৰ কালাম্বোলিত উপস্থিত হয় । এই ৰেলখনে ১৭ ঘণ্টাত প্ৰায় ৮৬০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ।

তৰল অক্সিজেনৰ সাতখন টেংকাৰ কঢ়িয়াই অনা প্ৰথমখন 'অক্সিজেন এক্সপ্ৰেছ' যোৱা ২৩ এপ্ৰিলত বিশাখাপট্টনমৰ পৰা মহাৰাষ্ট্ৰত উপস্থিত হৈছিল । সংকটকালত অক্সিজেন যোগান ধৰিবলৈ ভাৰতীয় ৰেলৰ ইতিমধ্যে 9 খন টেংকাৰ অক্সিজেন যোগান ধৰিবলৈ ৰাওনা হৈছে । ইয়াৰে পাঁচখন সোমবাৰে নিশাৰ ভিতৰত লক্ষ্ণৌত উপস্থিত হ'ব । ইতিমধ্যে বোকাৰোৰ পৰা যাত্ৰা আৰম্ভ কৰা এলএমঅ'ৰ বাকী চাৰিটা কণ্টেইনাৰ মঙলবাৰে পুৱাৰ ভাগতে লক্ষ্ণৌত উপস্থিত হ'ব বুলি আশা কৰা হৈছে । ইফালে, তিনিখন অক্সিজেন টেংকাৰ জামনগৰৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে যোগান ধৰে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, সমগ্ৰ দেশত তৰল অক্সিজেন আৰু অক্সিজেন চিলিণ্ডাৰ পৰিবহন কৰিবলৈ অহা কেইদিনমানৰ ভিতৰত 'অক্সিজেন এক্সপ্ৰেছ' ৰেলেৰে যোগান ধৰিব বুলি যোৱা ১৮ এপ্ৰিলত ভাৰতীয় ৰে'লৱে ঘোষণা কৰিছিল ।

লগতে পঢ়ক: ভাৰতীয় ৰে'লৱেৰ সহায়ত ১৪০ মেট্ৰিক টনতকৈ অধিক অক্সিজেন পৰিবহণ

ABOUT THE AUTHOR

...view details