নেশ্যনেল ডেস্ক, 5 মে’: বুধবাৰে এক টুইটযোগে ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে টাটানগৰৰ পৰা এখন অক্সিজেন এক্সপ্ৰেছ ফৰিদাবাদত উপস্থিত হোৱা বুলি জনায় ৷ ৰে'লমন্ত্ৰীগৰাকীয়ে টুইটত কয়,"ক’ভিড পৰিস্থিতিৰ মাজত অক্সিজেনৰ যোগান বৃদ্ধি কৰিবলৈ টাটানগৰৰ পৰা আন এখন অক্সিজেন এক্সপ্ৰেছ ফৰিদাবাদত উপস্থিত হৈছে ।" ইয়াৰ লগতে তেওঁ, "এই অক্সিজেন বিভিন্ন চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব" বুলি উল্লেখ কৰে ৷
ক’ভিডৰ এই ভয়ংকৰ পৰিস্থিতিত ক’ভিড আক্ৰান্ত ব্যাপক বৃদ্ধিৰ ফলত সমগ্ৰ দেশতে অক্সিজেনৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ প্ৰচেষ্টাত, ৰে'ল বিভাগে বিভিন্ন ৰাজ্যলৈ চিকিৎসা অক্সিজেন প্ৰদান কৰিবলৈ 'অক্সিজেন এক্সপ্ৰেছ' মুকলি কৰে ।