নেশ্যনেল ডেস্ক, 1 ছেপ্তেম্বৰ:18-22 ছেপ্টেম্বৰলৈ চৰকাৰে আহ্বান জনোৱা সংসদৰ বিশেষ অধিৱেশনৰ সময়ত গ্ৰহণ কৰিবলগীয়া তিনিটা দাবী বৃহস্পতিবাৰে AIMIM ৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়ে আগবঢ়ায় । চীনৰ সৈতে সীমান্ত সমস্যা সন্দৰ্ভত অধিৱেশনৰ সময়ত আলোচনাৰ অনুমতি দিব লাগে বুলি উল্লেখ কৰি ন্যায়াধীশ ৰোহিনী আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় ওৱেইছিয়ে ।
ওৱেইছিয়ে কয়, "আমি আৰম্ভণিৰে পৰাই বিশেষ অধিবেশনৰ দাবী জনায় আহিছিলো কাৰণ চীনে ভাৰতৰ 2000 বৰ্গ কিলোমিটাৰ ভূমি বেদখল কৰিছে । চীনে ডেপছাং আৰু ডেমচোকক এৰি দিয়া নাই ৷ যেতিয়া তেওঁলোকে বিশেষ অধিৱেশন আহ্বান কৰে, আমি আশা কৰোঁ প্ৰধানমন্ত্ৰীয়ে চীন সন্দৰ্ভত আলোচনাৰ অনুমতি দিব । দ্বিতীয়তে, ৰোহিনী আয়োগে নিজৰ প্ৰতিবেদন দিছে । গতিকে, আমি দাবী জনাইছো যে মোদী চৰকাৰে বিশেষ অধিবেশন যোগে এখন বিধেয়ক আনিব লাগে যাতে 50% সংৰক্ষণৰ সীমা উলংঘা কৰিব পৰা যায় ।"
ইছৰোৰ বিজ্ঞানী আৰু ভাৰতীয় তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাক সংসদলৈ কৰি আমন্ত্ৰণ সন্মান জনোৱাৰ দাবী উত্থাপন কৰে ওৱেইছিয়ে । বৃহস্পতিবাৰে চৰকাৰে 18-22 ছেপ্টেম্বৰৰ ভিতৰত পাঁচ দিনৰ বাবে সংসদৰ “বিশেষ অধিৱেশন” ঘোষণা কৰিছিল যদিও ইয়াৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচী লুকুৱাইছিল, যাৰ ফলত সৃষ্টি হৈছিল জল্পনা-কল্পনাৰ ।