নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ :কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত কৃষি আইন বাতিলৰ ঘোষণা (Farm laws repeal by centre) কৰিছে যদিও কৃষক সংগঠনসমূহে চৰকাৰৰ এই পদক্ষেপকলৈ যথেষ্ট সন্তুষ্ট নহয় । কিয়নো কৃষকসকলৰ আন কেইবাটাও দাবী আছে যিবোৰ চৰকাৰে মানি লোৱা নাই । কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছতে কৃষকসকলক প্ৰতিবাদ বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল যদিও কৃষক সংগঠন ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ সিং টিকাইটৰ ঘোষণা কৃষি আইনৰ উপৰিও তেওঁলোকৰ বাকী দাবীসমূহো মানি ল'ব লাগিব চৰকাৰে (rakesh tikait's demand to govt)। তেতিয়া কৃষকসকলে প্ৰতিবাদস্থলী এৰিব ।
ইফালে শেহতীয়াকৈ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ সভাপতি আচাদুদ্দিন ওৱেচিয়ে কৃষি আইনৰ দৰে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বাতিলৰ বাবে আহ্বান জনাইছে । ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৃষক নেতা ৰাকেশ টিকাইটে ধেমেলিয়া সুৰত কয় যে আচাদুদ্দিন ওৱেচি ভাৰতীয় জনতা পাৰ্টিৰ খুড়াক । তেওঁ উল্লেখ কৰা মতে AIMIM আৰু বিজেপি দলৰ মাজত খুড়াক ভতিজাকৰ সম্পৰ্ক আছে ।
ৰাকেশ টিকাইটৰ মতে ওৱাইচিয়ে যি বিচাৰে তেওঁৰ ভতিজাক অৰ্থাৎ বিজেপিক ক'ব লাগে আৰু সেয়া তেওঁলোকে পূৰণ কৰিব । এইটো তেওঁলোকৰ ঘৰুৱা বিষয় আৰু তেওঁলোকে ইয়াক সমাধান কৰিব পাৰে বুলিও উপহাস কৰে কৃষক নেতাগৰাকীয়ে ।