নেশ্যনেল ডেস্ক,৩ জুলাই :মধ্যপ্ৰদেশৰ নগৰীয় সংস্থা নিৰ্বাচনৰ (MP Urban Local Body Election 2022) প্ৰচাৰ সভাত উপস্থিত AIMIM দলৰ সভাপতি আছাদুদ্দিন ওৱেচি । দলৰ প্ৰাৰ্থীসকলক সমৰ্থন জনাবলৈ ৰাজ্যখনত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ নেতাগৰাকীৰ । এই প্ৰচাৰৰ মাজতে ৰাজ্য চৰকাৰ আৰু মোডী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা নেতাগৰাকীৰ (Asaduddin Owaisi targets BJP and PM Modi)।
বিজেপিক সমালোচনা কৰি তেওঁ কয় যে, বিজেপিৰ শাসনকালত নিবনুৱা সমস্যা, আকাশলংঘী মূল্যবৃদ্ধি আদি সমস্যাই জুৰুলা কৰিছে । তেওঁ লগতে বিজেপিক উপহাস কৰি কয় যে, এই সকলো সমস্যাৰ বাবে ঔৰংজেব দায়বদ্ধ, প্ৰধানমন্ত্ৰী মোডী নহয় ।
খাণ্ডৱাৰ মেয়ৰ আৰু কাউঞ্চিলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলায় ওৱেচিয়ে কয় যে, সকলো ধৰণৰ বিশৃংখলতাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰ দায়বদ্ধ । বিজেপিয়ে মুছলমানসকলক দোষাৰোপ কৰে আৰু ভাৰতৰ সকলো বিশৃংখলতাৰ বাবে তেওঁলোকৰ ওপৰত দোষ জাপি দিয়ে । ইয়াৰ অৰ্থ এইটো নেকি যে কেৱল মোগলসকলেহে ভাৰত শাসন কৰিছিল ? মোগলৰ পূৰ্বে অশোক আৰু চন্দ্ৰগুপ্ত মৌৰ্য শাসন নাছিল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।