অসম

assam

ETV Bharat / bharat

মোহন ভাগৱতক উদ্দেশ্যি তীব্ৰ বাক্যবাণ ওৱেইছিৰ - Owaisi

মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ভাৱ উগ্ৰ হিন্দুত্ববাদৰ পৰা উদ্ভৱ হয় । অপৰাধজনিত সকলো ঘটনাতে ইছলাম ধৰ্মাৱলম্বী লোক জড়িত থকা বুলি অপপ্ৰচাৰ চলাই থকা লোকসকলক হিন্দুত্ববাদী চৰকাৰে সমৰ্থন আগবঢ়াইছে । গণপ্ৰহাৰ সন্দৰ্ভত আৰএছএছ প্ৰধান মোহন ভাগৱতে কৰা মন্তব্যৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়ে ।

Owaisi slams RSS chief Mohan Bhagwat for his remarks on mob lynching
আৰ এছ এছ প্ৰধান মোহন ভাগৱটক উদ্দেশ্যি তীব্ৰ বাক্যবাণ অ'ৱেছিৰ

By

Published : Jul 5, 2021, 1:44 PM IST

নেশ্যনেল ডেস্ক, ৫ জুলাই: পুনৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে সৰৱ হ'ল এআইএমআইএম-ৰ সভাপতি আছাদুদ্দিন ওৱেইছি । এইবাৰ গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত আৰএছএছ প্ৰধান মোহন ভাগৱতক ওৱেইছিয়ে তীব্ৰ সমালোচনা কৰে । সোমবাৰে টুইটযোগে ওৱেইছিয়ে অভিযোগ উত্থাপন কৰে যে, মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ভাৱ উগ্ৰ হিন্দুত্ববাদৰ পৰা উদ্ভৱ হয় । অপৰাধজনিত সকলো ঘটনাতে ইছলাম ধৰ্মাৱলম্বী লোক জড়িত থকা বুলি অপপ্ৰচাৰ চলাই থকা লোকসকলক হিন্দুত্ববাদী চৰকাৰে সমৰ্থন আগবঢ়াইছে ।

আৰএছএছ-ৰ মুৰব্বীগৰাকীয়ে কৈছিল যে যিসকল লোক গণ প্ৰহাৰৰ ঘটনাৰে জড়িত আছিল তেওঁলোক হিন্দুত্ব বিৰোধী । কিন্তু ওৱেইছিয়ে অভিযোগ তোলে যে, মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে সমাজত ঘৃণাৰ ভাৱ বিয়পোৱা লোকসকলক শাসকীয় দলৰ সৈতে জড়িত লোকে সমৰ্থন আগবঢ়াইছে । তেওঁ কয় যে, গণ প্ৰহাৰৰ ঘটনাৰে জড়িত লোকসকলে গৰু আৰু ম'হৰ মাজৰ পাৰ্থক্য নাজানিব পাৰে, কিন্তু এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ নাম এনে সময়ত হত্যাৰ বাবে যথেষ্ট আছিল । দেওবাৰে মোহন ভাগৱতে কৈছিল যে, গণ প্ৰহাৰৰ ঘটনাত জড়িত লোকসকল হিন্দুত্ববাদৰ বিৰোধী আৰু আইনে তেওঁলোকক শাস্তি দিয়া উচিত ।

তেওঁ লগতে কৈছিল যে, হিন্দুধৰ্মৰ আদৰ্শ মতে গৰু এটা পবিত্ৰ জন্তু । কিন্তু যি সকলে গো-ধনৰ হত্যা কৰিছে তেওঁলোক হিন্দুত্ববাদৰ বিৰোধী । ড৹ খাৱজা ইফটিখাৰ আহমেদ(Dr Khawaja Iftikhar Ahmed)ৰ 'দ্য মিটিংছ অৱ মাইণ্ডছ: এ ব্ৰিজিং ইনিছিয়েটিভ'(The Meetings of Minds: A Bridging Initiative) নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অংশ লৈ মোহন ভাগৱতে এই বক্তব্য আগবঢ়াইছিল ।

ভাগৱতে কৈছিল যে, হিন্দু-মুছলমান ঐক্যৰ ধাৰণাটো ভুলকৈ ব্যাখ্যা কৰা হৈছে । কিয়নো হিন্দু আৰু মুছলমানৰ মাজত কোনো পাৰ্থক্য নাই । যোৱা ৪০,০০০ বছৰ ধৰি দুয়োটা ধৰ্মৰ লোকৰে পূৰ্বপুৰুষ একে বুলিও তেওঁ মন্তব্য কৰে । হিন্দু আৰু মুছলমানৰ একতাৰ কথা ক'বলৈ গৈ তেওঁ কয় যে, সকলো ভাৰতীয়ৰে ডিএনএ একে ।

লগতে পঢ়ক: আজি 'নিপুন ভাৰত' অভিযানৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details