নেশ্যনেল ডেস্ক,১৯ জুন :নিলম্বিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যক (Prophet Muhammad controversy) লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । ইতিমধ্যে এই বিষয়টোক লৈ বিৰোধী দলসমূহেও প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে । নূপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিৰোধী নেতাসকলে । এইবাৰ AIMIMৰ সভাপতি আছাদুদ্দিন ওৱেচিয়ে নূপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে (Asaduddin Owaisi demands arrest of Nupur Sharma)।
আছাদুদ্দিন ওৱেচিয়ে কয় যে, ভাৰতীয় আইন অনুসৰি নূপুৰ শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত । নূপুৰ শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পৰ্কেও ওৱেচিয়ে মন্তব্য কৰে । তেওঁৰ মতে নূপুৰ শৰ্মাক ভৱিষ্যতে এগৰাকী ডাঙৰ নেতা হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব পাৰে নূপুৰ শৰ্মা ।
তেওঁৰ মতে, বিজেপিয়ে নূপুৰ শৰ্মাক সুৰক্ষা প্ৰদান কৰি আছে । তেলেংগানাৰ মুখ্যমন্ত্ৰীক নূপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰি তেলেংগানালৈ আনিবলৈ আহ্বান জনায় ওৱেচিয়ে । তেওঁ উল্লেখ কৰা মতে, নূপুৰ শৰ্মাৰ বিৰুদ্ধে AIMIM দলে এক অভিযোগ দাখিল কৰিছে ।