নেশ্যনেল ডেস্ক,১৮ ডিচেম্বৰ :পুনৰ বিতৰ্কত AIMIMৰ অধ্যক্ষ আছাদউদ্দিন ওৱেচি । এইবাৰ যুৱতীৰ বিবাহৰ বয়স সম্পৰ্কে বিতৰ্কিত মন্তব্য সাংসদগৰাকীৰ (Owaisi statement on legal marriage age)। শেহতীয়াকৈ এগৰাকী মহিলাৰ বিবাহৰ আইনী বয়স ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি আছাদউদ্দিন ওৱেচিয়ে প্ৰশ্ন কৰে যে যদি এগৰাকী মহিলা ১৮ বছৰ বয়সত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব পাৰে তেনেহ'লে ১৮ বছৰ বয়সত জীৱন সংগী কিয় হ'ব নোৱাৰে ?
তেওঁৰ মতে পুৰুষতান্ত্ৰিকতাবাদৰ এয়া এক উৎকৃষ্ট উদাহৰণ । তেওঁ উল্লেখ কৰা মতে ১৮ বছৰ বয়সত এগৰাকী ভাৰতীয় নাগৰিকে চুক্তি স্বাক্ষৰ কৰিব পাৰে, ব্যৱসায় আৰম্ভ কৰিব পাৰে, প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব পাৰে আৰু সাংসদ, বিধায়ক হিচাপেও নিৰ্বাচিত হ'ব পাৰে । উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে ১৮ বছৰ বয়সত এগৰাকী ভাৰতীয়ই কিন্তু বিয়া পাতিব নোৱাৰে ।
তেওঁ লগতে চৰকাৰক পৰামৰ্শ দিয়ে যে ছোৱালীৰ বাবে বিবাহৰ আইনী বয়স ২১ লৈ বৃদ্ধি কৰাৰ পৰিৱৰ্তে ল'ৰাৰ বয়সৰ সীমা ১৮ লৈ হ্ৰাস কৰিব লাগে । ওৱেচিৰ মতে ডাটা প্ৰটেকশ্যন বিল অনুসৰি আপোনাৰ ডাটা ভাগ বতৰা কৰাৰ অধিকাৰ আছে কিন্তু জীৱন সংগী বাছনি কৰিব নোৱাৰে । উচ্চতম ন্যায়ালয়ৰ মতে গোপনীয়তা এক মৌলিক অধিকাৰ । এতিয়া মানুহে বাছনি কৰিব পাৰে যে তেওঁ কাক বিয়া পাতিব, কেতিয়া সন্তান জন্ম দিব ।