নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী :ক্ৰীড়া মন্ত্ৰালয়ে (Sports Ministry of India) ডব্লিউএফআইৰ (Wrestling Federation of India) সভাপতি ব্ৰজ ভূষণ শৰণ সিঙৰ (WFI president Brij Bhushan Sharan Singh) বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ পৰ্যবেক্ষণ সমিতিক দিয়া সময়সীমা দুসপ্তাহলৈ বৃদ্ধি কৰিছে । কিংবদন্তী বক্সাৰ এম চি মেৰী কমৰ নেতৃত্বত ২৩ জানুৱাৰীত দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলে কৰা দাবীৰ তদন্তৰ বাবে সমিতিখন গঠন কৰা হৈছিল । অভিযোগ আছিল যে, ব্ৰজ ভূষণে কেইবাগৰাকীও মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰিছে আৰু খেলুৱৈসকলক ভয় খুৱাইছে (sexual harassment allegation against WFI chief) ।
উল্লেখ্য যে, মল্লযোদ্ধাসকলে 'ভুক্তভোগী'সকলৰ নাম প্ৰদান কৰা নাছিল । পূৰ্বতে ক্ৰীড়া সংস্থাটোৰ দৈনন্দিন কাৰ্যকলাপ চলাই থকা সমিতিখনক চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল । কিন্তু মন্ত্ৰালয়ে সমিতিৰ সদস্যসকলৰ অনুৰোধৰ পিচত এই সময়সীমা বৃদ্ধি কৰে আৰু বৰ্তমান সমিতিখনে ৯ মাৰ্চৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব (sexual harassment allegations against WFI chief) ।
ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, "ক্ৰীড়া মন্ত্ৰালয়ে কৰা অনুৰোধৰ পিচত ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে পৰ্যবেক্ষণ সমিতিক এই সময়সীমা দুসপ্তাহৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে (Oversight Committee for sexual harassment case in WFI) ।" উল্লেখ্য, বজৰং পুনিয়া, বিনেশ ফোগাট, ৰবি দাহিয়া আৰু সাক্ষী মালিককে ধৰি শীৰ্ষ ভাৰতীয় মল্লযোদ্ধাসকলে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত মন্ত্ৰালয়ে পেনেল গঠন কৰিবলৈ বাধ্য হয় । ব্ৰজ ভূষণক শীৰ্ষ পদৰ পৰা আঁতৰাই পঠোৱা আৰু ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়াত তেওঁক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছিল তেওঁলোকে ।