নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ :শুকুৰবাৰে পুৱা দিল্লী-মিৰাট এক্সপ্ৰেছৱেৰ ওচৰত প্ৰায় দুই ডজনৰো অধিক বাহন মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ ঘন কুঁৱলী আৰু কম পোহৰৰ ফলত হোৱা এই সংঘৰ্ষত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ৷
ঘটনাস্থলীত স্থানীয় আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু এম্বুলেন্স আহি উপস্থিত হোৱাৰ পাচত আহত সকলক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ পথটোত চলাচল ব্যাহত হৈ পৰাত ক্ৰেনেৰে ক্ষতিগ্ৰস্ত গাড়ীবোৰ ৰাজপথৰ পৰা আতঁৰাবলগীয়া হয় ৷ পিছত আৰক্ষীয়ে যান জঁট নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
পঢ়ক :দীপাৱলীৰ পিছতেই বিপদজনক স্তৰত উপনীত ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড