অসম

assam

By

Published : Mar 25, 2023, 10:38 PM IST

ETV Bharat / bharat

Prisoners lodged in foreign jails : বিদেশত থকা প্ৰায় ৫৬ শতাংশ ভাৰতীয় কয়েদী আছে উপসাগৰীয় দেশত

ভাৰতীয় কিমান কয়দী বিদেশৰ কাৰাগাৰত বন্দী হৈ আছে ? লোকসভাত এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰিছে (MEA data on Indian prisoners in foreign jails)। সৰ্বাধিক কয়দী উপসাগৰীয় দেশবোৰত বন্দী হৈ আছে ।

Govt in Lok Sabha
বিদেশত থকা প্ৰায় ৫৬ শতাংশ ভাৰতীয় কয়েদী আছে উপসাগৰীয় দেশত

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ :বিদেশী কাৰাগাৰত বন্দী হৈ থকা ৫৬ শতাংশতকৈও অধিক ভাৰতীয় কয়দী উপসাগৰীয় দেশসমূহত আছে (Indian prisoners lodged in foreign jails)। লোকসভাত প্ৰকাশ পাইছে এই তথ্য । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে বিচাৰাধীন সহ প্ৰায় ৮,৪৩৭ গৰাকী ভাৰতীয় বিশ্বৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছে ।

ভাৰতীয় কেন্দ্ৰীয় মুছলিম লীগৰ (আইইউএমএল) সাংসদ ড০ এম পি আব্দুচামাদৰে বিদেশৰ কাৰাগাৰত বন্দী হৈ থকা প্ৰবাসী দোষী আৰু বিচাৰাধীনসকলৰ বিৱৰণৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে এই লিখিত তথ্য দিছে (Govt data on Indian prisoners in foreign jails)।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰি কয় যে বিচাৰাধীন হৈ থকাৰ লগতে মুঠ ৮,৪৩৭ জন ভাৰতীয় কয়েদীক বিশ্বৰ বিভিন্ন কাৰাগাৰত বন্দী কৰি ৰখা হৈছে আৰু উপসাগৰীয় দেশসমূহত সৰ্বাধিক ৪,৭৯৫ জন ভাৰতীয় বন্দী হৈ আছে (MoS MEA reply to Lok Sabha)। মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি ইউ.এ.ইত ১,৯৬৬ জন ভাৰতীয় বন্দী হৈ আছে আৰু চৌদি আৰৱত ১,৩৬২ গৰাকী, কাটাৰত ৬৮২ গৰাকী, কুৱেইটত ৪২৮ গৰাকী, বাহৰেইনত ২৬৫ গৰাকী আৰু ওমানত ৯২ গৰাকী কয়েদী বন্দী হৈ আছে । এই সকলোবোৰ দেশ উপসাগৰীয় সহযোগিতা পৰিষদৰ সদস্য (Indian prisoners in GCC countries)।

ইয়াৰ উপৰিও, ভাৰতৰ চুবুৰীয়া দেশ নেপালত ১,২২২ গৰাকী ভাৰতীয় বন্দী হৈ আছে । মালয়েছিয়াত ৬০৬ গৰাকী, ব্ৰিটেইনত ২৩৭ গৰাকী বন্দী আছে । আমেৰিকা যুক্তৰাষ্ট্ৰত ২৯৪ গৰাকী, পাকিস্তানত ৫১ গৰাকী, চীনত ১৭০ গৰাকী ভাৰতীয় কয়দী আছে (Indian prisoners lodged in China)।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি বহুতো দেশত প্ৰচলিত শক্তিশালী গোপনীয়তা আইনৰ বাবে স্থানীয় কৰ্তৃপক্ষই বন্দীসকলৰ বিষয়ে তথ্য শ্বেয়াৰ নকৰে । আনকি তথ্য শ্বেয়াৰ কৰা দেশসমূহেও সাধাৰণতে বন্দী বিদেশী নাগৰিকসকলৰ বিষয়ে বিতং তথ্য প্ৰদান নকৰে ।

লগতে পঢ়ক :OpenAI on ChatGPT bug : ChatGPT bug-এ উন্মোচিত কৰিব পাৰে ব্যৱহাৰকাৰীৰ পৰিশোধ তথ্য

ABOUT THE AUTHOR

...view details