নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী :২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত আত্মহত্যাৰ ফলত প্ৰায় ৪,৫৬,২০৮ জন লোকৰ মৃত্যু হৈছে । চৰকাৰে সোমবাৰে লোকসভাত এই তথ্য প্ৰকাশ কৰে (Government informed suicide cases in Lok Sabha) । লগতে কোৱা হৈছে যে উক্ত সময়সীমাৰ ভিতৰত আত্মহত্যাৰ ফলত মৃত্যু হোৱা লোকৰ সৰ্বাধিক সংখ্যা হৈছে দিনহাজিৰা কৰা শ্ৰমিক (112,233) আৰু তাৰ পিচত গৃহিণী (66,912) আৰু অন্যান্য ব্যক্তি (64,531) ।
কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে (Union Minister for Labour and Employment) তামিলনাডুৰ কংগ্ৰেছ সাংসদৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰিছে । সাংসদ থিৰুনাভুক্কাৰাচাৰে জানিব বিচাৰিছিল যে বিগত কেইবছৰমানত আত্মহত্যাৰ ফলত মৃত্যু হোৱাসকলৰ ভিতৰত দৈনিক মজুৰি কৰা লোক আটাইতকৈ বেছি নেকি ?
ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ (National Crime Records Bureau, NCRB) উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 2019-2021 চনৰ ভিতৰত মুঠ 112,233 গৰাকী গৃহিণীৰ আত্মহত্যাৰ ফলত মৃত্যু হৈছে । ইয়াৰে ভিতৰত 2019 চনত 21,359 গৰাকী, 2020 চনত 22,374 আৰু 2021 চনত 231,79 গৰাকীৰ মৃত্যু হয় । আহাতে, এই তিনিটা বছৰত অন্যান্য ব্যক্তিৰ মুঠ মৃত্যুৰ সংখ্যা হৈছে ৬৪,৫৩১ গৰাকী । ইয়াৰে ভিতৰত 2019 চনত 20,441 গৰাকী, 2020 চনত 20,543 গৰাকী আৰু 2021 চনত 23,547 গৰাকীৰ আত্মহত্যাৰ ফলত মৃত্যু হয় ।
উল্লেখ্য, প্ৰকাশিত তথ্যবোৰে কৃষি খণ্ডৰ সৈতে জড়িত ব্যক্তি আৰু নিবনুৱাসকলৰ সংকটজনক অৱস্থাও প্ৰকাশ কৰিছে (critical condition of persons involving farming sector) । তথ্য অনুসৰি, এই সময়ছোৱাত কৃষি খণ্ডৰ সৈতে জড়িত মুঠ 31,839 জন লোকে আত্মহত্যাৰ দ্বাৰা মৃত্যুবৰণ কৰে । ইয়াৰে ভিতৰত 2019 চনত এনে ধৰণৰ 10,281 জন, 2020 চনত 10,677 জন আৰু 2021 চনত 10,881 জন লোকৰ মৃত্যু হৈছিল । আনহাতে, নিবনুৱাসকলৰ ক্ষেত্ৰত 2019 চনত 14,019 জন, 2020 চনত 15,652 জন আৰু 2021 চনত 13,714 জন লোকে আত্মহত্যা কৰাৰ ফলত মুঠ 43,385 জন লোকৰ মৃত্যু হয় ।