নেশ্যনেল ডেস্ক, ২৫ জুলাই :দেশজুৰি চলি আছে প্ৰতিষেধক (Vaccine) প্ৰদান কাৰ্যসূচী । ডিচেম্বৰ মাহৰ ভিতৰত ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰাখি ইতিমধ্যে অতি ক্ষীপ্ৰতাৰে টীকাকৰণ (Vaccination) প্ৰক্ৰিয়া চলাই গৈছে চৰকাৰে । যোৱা ২১ জুনৰ পৰা বিশাল ৰূপত টীকাকৰণ অভিযান আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । যাৰ বাবে প্ৰতিখন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চললৈ ভেকচিনৰ যোগান দ্ৰুত কৰিছে ভাৰত চৰকাৰে ।
প্ৰস্তুতকৰ্তাসকলৰ পৰা ক্ৰয় কৰি ৭৫ শতাংশ ভেকচিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিনামূলীয়াকৈ যোগান ধৰাৰো ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে (Central Government) । ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ দাবী এতিয়া যথেষ্ট পৰিমাণে ভেকচিন মজুত আছে চৰকাৰৰ হাতত । দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Central Health Ministry) জনোৱা মতে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়ৰ বাবে এতিয়াও ৩.২৯ কোটিতকৈও অধিক ব্যৱহাৰ নোহোৱা ভেকচিন মজুত আছে ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৪৫.৩৭ কোটিৰো অধিক ভেকচিনৰ পালি প্ৰদান কৰা হৈছে ।