নিউজ ডেস্ক, 31 জানুৱাৰী :ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত পাঁচ বছৰতকৈ কম বয়সৰ শিশুসকলক পলিঅ' ড্ৰপ প্ৰদান কৰি 2021ৰ পালচ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে । স্বাস্থ্য বিভাগৰ এক বিবৃতি মতে, ৰাষ্ট্ৰীয় পলিঅ' টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি 31 জনুৱাৰী তাৰিখে দেশৰ প্ৰতিগৰাকী শিশুৰ বাবে এই প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰথম মহিলা সবিতা কোবিন্দে পলিঅ' প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে ৷
পলিঅ' মুক্ত দেশ গঢ়াৰ বাবে ভাৰত চৰকাৰে 5 বছৰ বয়সৰ প্ৰায় 17 কোটি শিশুক এই প্ৰতিষেধক প্ৰদান কৰিব ৷ এই অভিযানৰ বাবে 24 লাখ স্বেচ্ছাসেৱক, 1,5 লাখ নিৰীক্ষক আৰু বহুতো অসামৰিক সংগঠন নিযুক্ত কৰা হৈছে ৷ দেশৰ এটিও শিশু যাতে টীকাকৰণৰ পৰা ৰৈ নাযায় তাৰ বাবে প্ৰায় 2 কোটি পৰিয়ালৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷