অসম

assam

ETV Bharat / bharat

দিল্লীত একেদিনাই ২৪ হাজাৰ আক্ৰান্ত কৰ'ণাত - দিল্লীত একেদিনাই ২৪ হাজাৰ আক্ৰান্ত কৰ'ণাত

ৰাজধানী চহৰ দিল্লীত শনিবাৰে দৈনিক আক্ৰান্তৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰিলে । একেদিনাই চহৰখনত কৰ'ণাত আক্ৰান্ত হৈছে ২৪ হাজাৰ ৩৭৫ গৰাকী লোক । যোৱা ২৪ ঘণ্টাত ১৬৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও আক্ৰান্তৰ হাৰ ২৪.৫৬ শতাংশ । অৰ্থাৎ চহৰখনত পৰীক্ষা কৰা প্ৰতিটো চতুৰ্থ নমুনা পজিটিভ ধৰা পৰিছে ।

দিল্লীত একেদিনাই ২৪ হাজাৰ আক্ৰান্ত কৰ'ণাত
দিল্লীত একেদিনাই ২৪ হাজাৰ আক্ৰান্ত কৰ'ণাত

By

Published : Apr 18, 2021, 2:28 PM IST

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল :মহামাৰীয়ে পুনৰ বাৰ ভয়ংকৰ ৰূপ লৈছে ৰাজধানী চহৰ দিল্লীত । শনিবাৰে দৈনিক আক্ৰান্তৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰিলে । একেদিনাই চহৰখনত কৰ'ণাত আক্ৰান্ত হৈছে ২৪ হাজাৰ ৩৭৫ গৰাকী লোক । যোৱা ২৪ ঘণ্টাত ১৬৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও আক্ৰান্তৰ হাৰ ২৪.৫৬ শতাংশ । অৰ্থাৎ চহৰখনত পৰীক্ষা কৰা প্ৰতিটো চতুৰ্থ নমুনা পজিটিভ ধৰা পৰিছে । ইয়াৰ পূৰ্বে অৰ্থাৎ শুকুৰবাৰে চহৰখনত নতুনকৈ আক্ৰান্ত হোৱাৰ সংখ্যা আছিল ১৯ হাজাৰ ৪৮৬ গৰাকী আৰু মৃত্যু হৈছিল ১৪১ গৰাকী লোকৰ ।

কৰ'ণাৰ ঘটনা বৃদ্ধি পোৱাৰ মাজতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে কয় যে চহৰখনৰ মহামাৰী পৰিস্থিতি "অতি গুৰুতৰ আৰু উদ্বেগজনক" হৈ পৰিছে, অক্সিজেনৰ মজুতৰ সৈতে, আৰু ৰেমডেচিভিৰ আৰু টচিলিজুমাব ঔষধৰ যোগানো কম হৈছে । ইফালে হাস্পতালবোৰত ৰোগীৰ বিচনাও হ্ৰাস হৈ আহিছে সেয়ে অনাগত দিনত বিচনাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে কৰ'ণাৰ অতি ভয়ংকৰ ৰূপ কেতিয়া ল'ব কোনেও ক'ব নোৱাৰে সেয়ে সকলো দিশৰ পৰা প্ৰস্তুত হ'ব লাগিব ।

অহা দিনবোৰত অধিক নিষেধাজ্ঞাৰ ইংগিত দি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে যদিহে কৰ'ণাই অধিক গুৰুতৰ ৰূপ ধাৰণ কৰে তেনেহ'লে মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হ'ব চৰকাৰ । ইয়াৰ মাজতে উপ-মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ সৈতে শনিবাৰে আম্বেদকাৰ নগৰ চিকিৎসালয় পৰিদৰ্শন কৰে । চিচোদিয়াই টুইটযোগে হাস্পতাল পৰিদৰ্শনৰ কথা উল্লেখ কৰাৰ লগতে ৰোগীয়ে যাতে কোনো অসুবিধা নাপাই তাৰ বাবেও কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

ইফালে নতুন আক্ৰান্তৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানীত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ৮ লাখ ২৭ হাজাৰ ৯৯৮ টা । শেহতীয়া তথ্য অনুসৰি চহৰখনত মৃত্যুৰ সংখ্যা হৈছে ১১,৯৬০ গৰাকী । দিল্লীত সমান্তৰালকৈ ক'ভিড পৰীক্ষাও কৰি থকা হৈছে শুকুৰবাৰৰ দিনটোত দিল্লীত মুঠ ৯৯ হাজাৰ ২৩০ টা নমুনা পৰীক্ষা কৰা হৈছিল । বিগত বছৰৰ পৰা চহৰখনত ৭.৪৬ লাখৰো অধিক ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰিছে । অৱশ্যে এতিয়াও তাত প্ৰায় ৭০ হাজাৰ সক্ৰিয় ঘটনা আছে । বৰ্তমান প্ৰায় ৩২ হাজাৰ লোক হোম আইচলেচনত আছে আৰু ক'নটেইনমেণ্ট জ'নৰ সংখ্যা সম্প্ৰতি ১১,২৩৫ লৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক:পশ্চিমবংগত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ

ABOUT THE AUTHOR

...view details