নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী :দেশত পুনৰ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে । যাৰ বাবে দেশজুৰি টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে (Vaccination drive in India)। কেন্দ্ৰীয় চৰকাৰেও প্ৰতিখন ৰাজ্যকে দ্ৰুত গতিত টীকাকৰণ অভিযান চলাবলৈ নিৰ্দেশ দিছে । ইফালে দেশত ১৫ৰ পৰা ১৮ বছৰ উৰ্ধৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সমান্তৰালকৈ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ অভিযানো আৰম্ভ হৈছে । কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন চৰকাৰৰ হাতত ক'ভিড প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে আছে নে ?
অৱশ্যে দেওবাৰে কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰতিষেধক সন্দৰ্ভত বিশেষ তথ্য প্ৰকাশ কৰিছে । চৰকাৰৰ মতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াও ১৭.৭৪ কোটিতকৈ অধিক অব্যৱহৃত ক'ভিড প্ৰতিষেধকৰ পালি মজুত আছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰসমূহে এতিয়ালৈ ক্ৰয় কৰিছে মুঠ ১৫৫.৯৫ কোটিৰো অধিক (১,৫৫,৯৫,৩৫,২৯৫) ক'ভিড প্ৰতিষেধকৰ পালি ।