নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: ভাৰতত ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰা সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰ পৰ্যন্ত ভাৰতত ১৪.৭৮ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে । বুধবাৰে পুৱা ৭ বজাত প্ৰকাশ কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত প্ৰতিষেধকৰ ২৫ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে । টীকাকৰণ অভিযানৰ ১০২ সংখ্যক দিনটোত অৰ্থাৎ যোৱা ২৭ এপ্ৰিলত ২৫,৫৬,১৮২টা পালি প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ।
১৫,৬৯,০০০ গৰাকী হিতাধিকাৰীক প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰাৰ লগতে ৯,৮৭,১৮২ গৰাকী হিতাধিকাৰীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত ৯৩,৪৭,৭৭৫ গৰাকী স্বাস্থ্য কৰ্মীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু ৬১,০৬,২৩৭ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে । আনহাতে, ১,২২,২১,৯৭৫ গৰাকী ফ্ৰণ্ট লাইন কৰ্মীয়ে প্ৰথম পালি আৰু ৬৫,২৬,৩৭৮ গৰাকী ফ্ৰণ্ট লাইন কৰ্মীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ।
ইফালে, ৫,১০,৮৫,৬৭৭ গৰাকী ৬০ বছৰৰ উৰ্ধৰ হিতাধিকাৰীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে দ্বিতীয় পালি গ্ৰহণ কৰে ৯৩,৩৭,২৯২ গৰাকী হিতাধিকাৰীয়ে । ৪৫ বছৰৰ পৰা ৬০ বছৰৰ মাজৰ ৫,০২,৭৪,৫৮১ গৰাকী হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ২৯,২৭,৪৫২ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে । স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ ১০ খন ৰাজ্যত ইতিমধ্যে প্ৰতিষেধকৰ ৬৭.২৬ শতাংশ পালি প্ৰদান কৰা হৈছে ।
যোৱা ২৪ ঘণ্টাত নতুনকৈ আৰোগ্য হোৱা ২,৬১,১৬২ গৰাকী লোক সহ ভাৰতত বৰ্তমানলৈকে ১,৪৮,১৭,৩৭১ গৰাকী ৰোগীয়ে মহামাৰীৰে যুঁজি সুস্থ হৈ উঠিছে । এই পৰিসংখ্যসহ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.৩৩ শতাংশ হৈছেগৈ । আনহাতে, ১০ খন ৰাজ্যত নতুনকৈ হোৱা আৰোগ্যৰ হাৰ ৭৯.০১ শতাংশ । দেশত বিগত ২৪ ঘণ্টাত প্ৰায় ৩,৬০,৯৬০ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । মহাৰাষ্ট্ৰত দৈনিক আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৬৬,৩৫৮ জন ।