অসম

assam

ETV Bharat / bharat

Vacancy in Kendriya Vidyalaya: চাকৰি লাগে নেকি ! কেন্দ্ৰীয় বিদ্যালয়ত 12,000 শিক্ষকৰ পদ খালী - কেন্দ্ৰীয় বিদ্যালয়ত 12 000 শিক্ষকৰ পদ খালী

চাকৰিৰ প্ৰাৰ্থীসকলৰ বাবে সুখবৰ ৷ সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত 12 হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈছে (Kendriya Vidyalaya) ৷

Over 12,000 teaching posts vacant in Kendriya Vidyalayas
কেন্দ্ৰীয় বিদ্যালয়ত 12,000 শিক্ষকৰ পদ খালী

By

Published : Jul 25, 2022, 10:20 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই : চাকৰিৰ প্ৰাৰ্থীসকলৰ বাবে সুখবৰ ৷ আজিয়েই আৱেদন কৰক ৷ সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত 12 হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈছে (Kendriya Vidyalaya)৷ শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে (Union Minister of State for Education, Annapurna Devi)কয় যে, সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত 12,00 তকৈও অধিক শিক্ষকৰ পদ খালী হৈ আছে (Teaching vacancy post in KV ) ৷

আনহাতে 90000 ৰো অধিক শিক্ষকক ঠিকাভিত্তিক ভিত্তিত নিযুক্ত কৰা হৈছে বুলি শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ৷ তামিলনাডু (1,162), মধ্য প্ৰদেশ (1,066) আৰু কৰ্ণটক (1,006)ত শিক্ষক পদ খালী হৈ আছে (Teaching vacancy post ) ৷ লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে এই তথ্য প্ৰকাশ কৰে ৷ সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত 12,044 টা শিক্ষক পদ আৰু 1,332 টা অন্যান্য পদ খালী হৈ আছে ৷

মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে শিক্ষকসকলক কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ (কেভিএছ) দ্বাৰা অস্থায়ী ম্যাদৰ বাবে চুক্তি ভিত্তিত পদত নিযুক্ত কৰা হৈছে যাতে শিক্ষক আৰু শিক্ষণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নহয় ৷ এতিয়ালৈ সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় বিদ্যালয়সমূহত 9,161 জন শিক্ষক চুক্তি ভিত্তিক পদত নিয়োজিত হৈ আছে ৷

লগতে পঢ়ক:SBI MCLR: 15 জুলাইৰ পৰা এছবিআইৰ ঋণৰ হাৰৰ প্ৰান্তিক ব্যয় বৃদ্ধি

ABOUT THE AUTHOR

...view details