নেশ্যনেল ডেস্ক, ৫ মাৰ্চ :যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত ৰাছিয়া সেনাৰ সামৰিক অভিযান অব্যাহত আছে । ৰাছিয়াৰ আক্ৰমণৰ ফলত এক প্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইনৰ কেইবাখনো চহৰ । ইয়াৰ মাজতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে ।
'অপাৰশ্যেন গংগা'ৰ অধীনত ইতিমধ্যে ইউক্ৰেইনত আৱদ্ধ বহু ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে । শনিবাৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে (Minister of State for External Affairs V Muralidharan) জানিবলৈ দিয়া মতে, ইউক্ৰেইনৰ পৰা এতিয়ালৈ ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে (Over 11000 Indian nationals evacuated from Ukraine)।
উল্লেখ্য যে শনিবাৰে অপাৰেশ্যন গংগাৰ অধীনত এয়াৰ ইণ্ডিয়াৰ আন এখন বিমান আহি অৱতৰণ কৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । ১৭০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে বিমানখন অৱতৰণ কৰাৰ পাছতে নাগৰিকসকলক বিমানবন্দৰত আদৰণি জনায় মন্ত্ৰীগৰাকীয়ে ।