নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: ভাৰতৰ অখণ্ডতাক বিঘ্নিত কৰিব বিচৰা অপশক্তিৰ বিৰুদ্ধে বৃহৎ সফলতা ৷ জম্মু-কাশ্মীৰত বিগত 5 টা বৰ্ষত সহস্ৰাধিক সন্ত্ৰাসবাদী নিধন, 99 টা দুধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ ৷ ভাৰতীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য(Operation against terrorist in Jammu Kashmir) ৷
উল্লেখ্য যে, জম্মু-কাশ্মীৰত বিভিন্ন সময়ত পাকিস্তানৰ দ্বাৰা সাৰ-পানী যোগোৱা সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰি আহিছে কূটাঘাত ৷ ইয়াৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰৰ প্ৰশাসনে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ ভাৰতীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2018 চনৰ পৰা 2022 চনৰ ভিতৰত মুঠ 1002 টা সন্ত্ৰাসবাদীক নিধন কৰা হৈছে (Terrorist killed in Jammu Kashmir) ৷ ইয়াৰ বিপৰীতে সন্ত্ৰাসবাদ বিৰোধী যুঁজখনত শ্বহীদ হ’ব লগা হৈছে মুঠ 306 গৰাকী সেনা আৰু আৰক্ষী জোৱান (Military personal killed in Jammu Kashmir) ৷ লগতে এই সময়ছোৱাত গ্ৰেপ্তাৰ কৰা হৈছে 99 টা সন্ত্ৰাসবাদীক ৷
তথ্য অনুসৰি বিগত পাঁচ বছৰত জম্মু-কাশ্মীৰত 761 টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা(Terrorist attack in Jammu Kashmir) সংঘটিত হোৱাৰ বিপৰীতে 626 টা একনকাউণ্টাৰ সংঘটিত কৰিছে সেনা আৰু আৰক্ষীয়ে ৷ সমান্তৰালভাৱে 480 টা সন্ত্ৰাসবাদী বিৰোধী অভিযান চলাইছে ভাৰতীয় সেনাই ৷