নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ :ভাৰত-ৰাছিয়াৰ বন্ধুত্ব সম্পৰ্কে বিশেষ মন্তব্য আগবঢ়ালে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (JP Nadda told about Indo Russia partnership) । তেওঁৰ মতে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছৰে পৰা দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈছে । মহামাৰী,জলবায়ু পৰিৱৰ্তন, মৌলবাদ আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতাই এই সম্পৰ্ক আৰু শক্তিশালী কৰিছে ।
'একবিংশ শতিকাৰ গোলকীয় প্ৰত্যাহ্বান:আন্ত:দলীয় মাত্ৰা' শীৰ্ষক এক আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি এই মন্তব্য আগবঢ়াই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে (BJP National President Jagat Prakash Nadda) । তেওঁৰ মতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা দুয়োখন দেশৰ সম্পৰ্কৰ কোনো পৰিৱৰ্তন হোৱা নাই । আনকি মহামাৰী কৰ'ণাৰ সময়তো দুয়োখন দেশে ঔষধ আৰু অন্যান্য সঁজুলিৰ আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
নাড্ডাই লগতে কয় যে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক দীৰ্ঘদিনীয়া । ৩ টা প্ৰধান প্ৰত্যাহ্বান যেনে মহামাৰী, জলবায়ু পৰিৱৰ্তন আৰু মৌলবাদ তথা সন্ত্ৰাসবাদৰ ভাবুকিৰ লগতে অভয়াৰণ্যসমূহলৈ অহা ভাবুকিৰ ক্ষেত্ৰতো দুয়োখন দেশে ইখনে আনখনক সহযোগিতা আগবঢ়াই আহিছে ।