অসম

assam

ETV Bharat / bharat

Delhi Services Bill : বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব আপে - আপ নেতা ৰাঘৱ চাড্ডা

দিল্লী সেৱা বিধেয়ক 2023 গৃহীত হোৱাৰ পিছতে দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিয়ে দিল্লীৰ আমোলাসকলৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে যুঁজ দি থাকিব বুলি কয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি আপ নেতা তথা দিল্লীৰ মন্ত্ৰী আতিশী আপে কয় যে, “দেশৰ বহুতে পাকিস্তানত গণতন্ত্ৰৰ অনুপস্থিতিৰ কথা কয়, কোনো ধৰণৰ বিতৰ্ক বা সন্মতি অবিহনে সংসদত কেনেকৈ বিধেয়ক গৃহীত হ’ব পাৰে ।”

Our fight will continue against BJP
বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব আপে

By

Published : Aug 8, 2023, 7:34 AM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট : "ভাৰতৰ পৰিস্থিতি পাকিস্তানৰ তুলনাত ভয়াৱহ কৰি তুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এইটো অতি দুৰ্ভাগ্যজনক । আমি দিল্লীৰ জনসাধাৰণৰ লগতে বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত ৰাখিম ৷" সংসদত বিতৰ্কিত দিল্লী সেৱা বিধেয়কখন গৃহীত হোৱাৰ পিচতে আপৰ নেতা তথা দিল্লীৰ মন্ত্ৰী আতিশীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

সোমবাৰে উচ্চ সদনত এই বিধেয়কখন গৃহীত হয়, য’ত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক দিল্লীত গ্ৰুপ এ সেৱা নিয়ন্ত্ৰণৰ ক্ষমতা প্ৰদান কৰা হৈছে ৷ য’ত নিযুক্তি, বদলি আৰু পদবীৰ সৈতে জড়িত বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে । 131 জন সাংসদে এই আইনখনৰ সপক্ষে আৰু 102 জন সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিয়ে ।

বিতৰ্কিত বিধেয়কখন উত্থাপন কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে দিল্লী সেৱা বিধেয়কখনে উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰা নাই, ইয়ে দিল্লীত নিৰ্বাচিত চৰকাৰখনেই 'বছ' অৰ্থাৎ "সৰ্বোচ্চ' বুলি কৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, এই প্ৰস্তাৱিত আইনখনৰ দ্বাৰা অধিক প্ৰভাৱিত হ’ব পৰা দিল্লীৰ শাসকীয় দল আপে বিৰোধীক একত্ৰিত কৰি বিগত কেইবা সপ্তাহ ধৰি সদনত ইয়াৰ বিৰুদ্ধে যুক্তি আগবঢ়ায় আহিছে । আপে যুক্তি দিছে যে এই প্ৰস্তাৱিত আইনখনে নিৰ্বাচিত চৰকাৰক একাষৰীয়া কৰি এনে এক নজিৰ গঢ়ি তুলিব যাৰ সহায়ত বিৰোধী শাসিত যিকোনো ৰাষ্ট্ৰৰ শাসন ক্ষমতা কাঢ়ি নিব পৰা যাব ।

আপ নেতা ৰাঘৱ চাড্ডাই এই সন্দৰ্ভত কয় যে, দিল্লী সেৱা বিধেয়কখন ৰাষ্ট্ৰীয় ৰাজধানীত নিৰ্বাচিত চৰকাৰৰ ক্ষমতা কাঢ়ি নিয়াৰ লক্ষ্যৰে এক "ৰাজনৈতিক প্ৰৱঞ্চনা" আৰু "সাংবিধানিক পাপ" ৷ চাড্ডাই এই বিধেয়কখনক সদনত এতিয়ালৈকে উপস্থাপন কৰা আটাইতকৈ সংবিধান বিৰোধী, অবৈধ, অগণতান্ত্ৰিক আইন বুলি অভিহিত কৰে ৷

লগতে পঢ়ক:Delhi Services Bill : সংসদত গৃহীত হ’ল বিতৰ্কিত দিল্লী সেৱা বিধেয়ক

ABOUT THE AUTHOR

...view details