অসম

assam

ETV Bharat / bharat

Nagaland Army Ambush : ক্ষতিপূৰণৰ ধন ওভটাই পঠিয়ালে অ'টিঙৰ ৰাইজে - ক্ষতিপূৰণৰ ধন ওভটাই পঠিয়ালে অটিঙৰ ৰাইজে

সিদ্ধান্তত অটল নগা ৰাইজ ৷ নাগালেণ্ডৰ অ'টিংবস্তিৰ নিৰীহৰ হত্যাৰ ঘটনা(Oting massacre incident)ত নিহত পৰিয়ালে ন্যায় নোপোৱালৈকে চৰকাৰীভাৱে দিয়া ক্ষতিপূৰণ গ্ৰহণ নকৰাৰ সিদ্ধান্ত অ'টিং ভিলেজ কাউঞ্চিলৰ ৷

oting-village-council-rejects-government-compensation-adter-oting-massacre
Nagaland Army Amush : ক্ষতিপূৰণৰ ধন ওভটাই পঠিয়ালে অ'টিঙৰ ৰাইজে

By

Published : Dec 13, 2021, 10:05 PM IST

মৰাণ, 13 ডিচেম্বৰ :নাগালেণ্ডৰ অ'টিংবস্তিৰ ঘটনাত নিহত লোক কেইজনৰ পৰিয়ালে ন্যায় নোপোৱালৈকে চৰকাৰীভাৱে দিয়া ক্ষতিপূৰণ গ্ৰহণ নকৰাৰ সিদ্ধান্ত অ'টিং ভিলেজ কাউঞ্চিলৰ(Oting village council )। যোৱা চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডৰ দোষীক শাস্তি দিয়াৰ লগতে উত্তৰ-পূবৰ পৰা 'আফস্পা' বাতিল নকৰা পৰ্যন্ত গ্ৰহণ কৰা নহ'ব ক্ষতিপূৰণ(Demand to repeal AFPSA) ।

এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে অ'টিং ভিলেজ কাউঞ্চিলে। এক বিবৃতিযোগে এই কথা স্পষ্ট কৰিছে অ'টিং ভিলেজ কাউঞ্চিলে । উল্লেখ্য যে, চাৰি ডিচেম্বৰত ২১ নং পেৰা কামাণ্ডোৰ গুলীত ১৪ জন নিৰপৰাধী লোক নিহত হোৱাৰ পাছত নগালেণ্ডৰ মন্ত্ৰী তথা টিজিত বিধানসভা সমষ্টিৰ বিধায়ক পায়ৱাং কন্যাক আৰু ম'ন জিলাৰ উপায়ুক্ত গৰাকীয়ে নিহত পৰিয়ালৰ লোকলৈ চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণৰ আগধন হিচাপে ১৮ লাখ ৩০ হাজাৰ টকা প্ৰদান কৰিছিল অ'টিং ভিলেজ কাউঞ্চিলৰ হাতত ।

ক্ষতিপূৰণৰ ধন ওভটাই পঠিয়ালে অ'টিং ভিলেজ কাউঞ্চিলে

কিন্তু ক্ষতিপূৰণৰ সেই ধন গ্ৰহণ নকৰি ভিলেজ কাউঞ্চিলে ঘূৰাই পঠাইছিল মন্ত্ৰী তথা উপায়ুক্তক(Oting village council rejects government compensation) ৷ ইয়াৰ পাছতে দেওবাৰে এক বিবৃতিযোগে নিজৰ স্থিতি স্পষ্ট কৰিছে অ'টিং ভিলেজ কাউঞ্চিলে ।

লগতে পঢ়ক :Terrorist killed in Kashmir: কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details