অসম

assam

ETV Bharat / bharat

Opposition slams BJP : 'হতাশগ্ৰস্ত বিজেপিয়ে বিৰোধীক ধ্বংস কৰিব বিচাৰিছে' - Opposition meeting

বেংগালুৰুত অনুষ্ঠিত বিৰোধী বৈঠকত বিজেপিক তুলাধুনা বিৰোধীৰ । বিৰোধী ঐক্য দেখি হতাশাত ভুগিছে বিজেপি । যাৰ বাবে সংস্থাসমূহক ব্যৱহাৰ কৰি বিৰোধীক ধ্বংস কৰিব বিচাৰিছে বিজেপিয়ে ।

Oppositions slams BJP
হতাশগ্ৰস্ত বিজেপিয়ে বিৰোধীক ধ্বংস কৰিব বিচাৰিছে

By

Published : Jul 17, 2023, 3:01 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুলাই :কৰ্ণাটকৰ বেংগালুৰুত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপি বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকৰ প্ৰাকমুহূৰ্তত বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰিছে কংগ্ৰেছকে ধৰি বিৰোধী নেতাসকল । বিজেপিৰ ওপৰত চাপ সৃষ্টি কৰাৰ প্ৰয়াসেৰে কংগ্ৰেছে কয় যে গেৰুৱা দলটোৱে বিৰোধী দলসমূহৰ শক্তি প্ৰতিৰোধ কৰাত সম্পূৰ্ণ বিফল হৈছে যাৰ বাবে বিৰোধী নেতাসকলৰ কণ্ঠস্বৰ ৰুদ্ধ কৰিবলৈ সংস্থাসমূহক ব্যৱহাৰ কৰিছে ।

বিৰোধী বৈঠকত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে বিৰোধী দলসমূহে এক উমৈহতীয়া উদ্দেশ্যৰে একত্ৰিত হৈছে । দেশত গণতন্ত্ৰৰ সুৰক্ষা, সাংবিধানিক অধিকাৰ আৰু আমাৰ প্ৰতিষ্ঠানসমূহৰ স্বাধীনতা নিশ্চিত কৰাই হৈছে বৈঠকৰ প্ৰধান লক্ষ্য । কিয়নো এই সকলোবোৰৰ ওপৰত বিজেপি চৰকাৰে আক্ৰমণ কৰিছে । কে চি বেণুগোপালে অভিযোগ কৰি কয় যে বিজেপিয়ে বিৰোধীৰ মাত বন্ধ কৰাৰ চেষ্টা কৰিছিল । এয়া প্ৰতিশোধৰ ৰাজনীতি। আনকি বিজেপিয়ে বিৰোধীৰ কণ্ঠস্বৰ দমন কৰিবলৈ সংস্থাসমূহৰ অপব্যৱহাৰ কৰি আছে বুলিও তেওঁ অভিযোগ কৰে । ৰাহুল গান্ধীক সংসদৰ পৰা অযোগ্য ঘোষণা কৰাটোও ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ বুলি তেওঁ উল্লেখ কৰে । কংগ্ৰেছ নেতাগৰাকীৰ মতে মহাৰাষ্ট্ৰত সংঘটিত ৰাজনৈতিক ঘটনাও অন্যতম উদাহৰণ ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও বেণুগোপালৰ সুৰত সুৰ মিলাই বিৰোধী দলসমূহক প্ৰতিহত কৰিবলৈ বিজেপিয়ে কৰা নিৰাশ প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাস কৰে ।

তেওঁ অভিযোগ কৰি কয় যে প্ৰধানমন্ত্ৰী আৰু বিজেপি হতভম্ব হৈ পৰিছে । পাটনাৰ বৈঠকৰ পাছতে প্ৰধানমন্ত্ৰীয়ে হঠাতে এনডিএৰ কথা চিন্তা কৰিলে । এনডিএক পুনৰুজ্জীৱিত কৰাৰ বাবে চেষ্টা চলোৱা হৈছে । আনহাতে বিৰোধীৰ বৈঠকৰ পাছত কাইলৈ এনডিএৰ বৈঠক আহ্বান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে পাটনাৰ বৈঠকৰ পাছৰে পৰা শাসকীয়া পক্ষ আৰু বিৰোধীৰ মাজত বিভিন্ন ধৰণৰ মত বিৰোধ আৰু আক্ৰমণ প্ৰতিআক্ৰমণ হোৱা দেখা গৈছে । বৈঠকৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি বিৰোধী মিত্ৰতা গঢ়ি তোলা দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ কথাও ঘোষণা কৰিছে । যাৰ বাবে বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিৰোধী দলৰ নেতাসকল ।

ইফালে সূত্ৰৰ মতে বেংগালুৰুত অনুষ্ঠিত বিৰোধীৰ বৈঠকত ২৬ টাকৈ বিৰোধী দলৰ নেতাই অংশগ্ৰহণ কৰিছে । মহাৰাষ্ট্ৰত শৰদ পাৱাৰ নেতৃত্বাধীন নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ শেহতীয়া বিভাজন আৰু পঞ্চায়ত নিৰ্বাচনত পশ্চিমবংগত হিংসাই বৈঠকত গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Opposition meeting in Bengaluru : আজি বিৰোধীৰ বৈঠকত উপস্থিত নাথাকে শৰদ পাৱাৰ

ABOUT THE AUTHOR

...view details