অসম

assam

ETV Bharat / bharat

Rahul Gandhi Conviction Stayed : উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি বিৰোধীৰ - INDIA

ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 'INDIA'ৰ অংশীদাৰী দলসমূহেও উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে ।

Rahul Gandhi Conviction Stayed
উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি বিৰোধীৰ

By

Published : Aug 4, 2023, 5:35 PM IST

নেশ্যনেল ডেস্ক,৪ আগষ্ট :উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সকাহ প্ৰদান কৰাৰ পাছতে দেশজুৰি চৰ্চা আৰম্ভ হৈছে । বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ অংশ ডিএমকে আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিকে ধৰি বিৰোধী দলসমূহেও শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনায় । বিৰোধী দলসমূহৰ মতে ন্যায় ৰক্ষা হৈছে আৰু সত্যৰ অটল কণ্ঠস্বৰ কেতিয়াও দমন কৰিব নোৱাৰে বুলি দাবী কৰে । শীৰ্ষ আদালতৰ এই সিদ্ধান্তৰ পাছত, কেৰালাৰ ৱায়ানাড সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদো বাহাল থাকিব । তেওঁ শীঘ্ৰেই লোকসভাৰ অধিৱেশনত অংশগ্ৰহণৰ সম্ভাৱনা আছে ।

ডিএমকেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শুকুৰবাৰে কয় যে এই সিদ্ধান্তই দেশৰ ন্যায়পালিকাৰ শক্তি আৰু গণতান্ত্ৰিক মূল্যবোধৰ সুৰক্ষাৰ গুৰুত্বক পুনৰ নিশ্চিত কৰিছে । তেওঁ ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰখাৰ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনায় ।

মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিক প্ৰতিনিধিত্ব কৰা এনচিপিৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলেয়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শীৰ্ষ ন্যায়ালয়ে লোৱা সিদ্ধান্তটো ন্যায়ৰ সূচক । চুলেয়ে টুইটযোগে কয় যে সত্যৰ অটল কণ্ঠস্বৰক কেতিয়াও দমন কৰিব নোৱাৰে । ৰাহুল গান্ধীক সংসদলৈ স্বাগতম জনাই এনচিপিৰ নেত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৫ জুলাইত কংগ্ৰেছ নেতাগৰাকীয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচকৰ বিচাৰপীঠে বিচাৰ আদালতে তেওঁক প্ৰদান কৰা শাস্তি স্থগিত ৰাখিবলৈ অৱশ্যে অস্বীকাৰ কৰে । আনহাতে মাৰ্চত, চুৰাট আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ পাছত ২০১৯ চনৰ এপ্ৰিলৰ গোচৰত তেওঁৰ বিৰুদ্ধে ২ বছৰৰ কাৰাদণ্ড ঘোষণা কৰা হয় । কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পৰৱৰ্তী সময়ত লোকসভাৰ পৰাও অযোগ্য ঘোষণা কৰা হয় ।

লগতে পঢ়ক :Modi Surname Case: ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ৰ বৃহৎ সকাহ; শাস্তি স্থগিতৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details