নেশ্যনেল ডেস্ক, ২০ জুলাই: এইবাৰ পেগাচাছ (Pegasus) সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্নবাণেৰে থকা সৰকা কৰিবলৈ সাজু হৈছে বিৰোধী দল । কংগ্ৰেছ(Congress), তৃণমূল কংগ্ৰেছ(Trinamool Congress), ৰাষ্ট্ৰীয় জনতা দল(Rashtriya Janata Dal) আৰু দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমে (Dravida Munnetra Kazhagam) সংসদত পেগাচাছ (Pegasus)ৰ প্ৰসংগ উত্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে । মঙলবাৰে বিৰোধী দলকেইটা এখন বৈঠকতো মিলিত হয় আৰু দুয়োখন সদনতে পেগাচাছৰ বিষয়টো উত্থাপন কৰাৰ সিদ্ধান্ত লয় ।
আনহাতে, মঙলবাৰে দুপৰীয়া ২ বজাত বিৰোধী দলসমূহ পুনৰ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে । মঙলবাৰে সংদসত ক'ভিড-১৯ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ভাষণ প্ৰদান কৰাৰ সময়ত বিৰোধী উপস্থিত থাকিব নে নাই সেই বিষয়ে সিদ্ধান্ত ল'ব এই বৈঠকতে । পেগাচাছ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী (Adhir Ranjan Chowdhury)য়ে কেতিয়াবা কংগ্ৰেছৰ দ্বাৰা এনেদৰে চোৰাংচোৱা ব্যৱস্থাৰ (Pegasus) ব্যৱহাৰ কৰাৰ বিষয়ে শুনিছে নেকি বুলি প্ৰশ্ন কৰে । এয়া নতুন ভাৰত গঢ়ি তোলাৰ এক কৌশল বুলি প্ৰধানমন্ত্ৰীগৰাকীক কটাক্ষ কৰে অধীৰ ৰঞ্জন চৌধুৰীয়ে ।
কংগ্ৰেছ দলে সোমবাৰে পেগাচাছ স্পাইৱেৰ (Pegasus Spyware)ব্যৱহাৰ কৰি সাংবাদিকসকলৰ ওপৰত চোৰাংভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ তুলি এই সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছিল । লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰো দাবী জনeয় কংগ্ৰেছে ।