নিউজ ডেস্ক, ২১ মাৰ্চ : বিৰোধী দলসমূহে মঙলবাৰে আদানি বিষয়ত সংসদৰ ক’ৰিডৰত এক আকস্মিক প্ৰতিবাদ আৰম্ভ কৰে আৰু যুটীয়া সংসদীয় সমিতিৰে (Joint Parliamentary Committee, JPC) তদন্তৰ দাবীত শ্লোগান দিয়ে (opposition demanding JPC on Adani issue) । দুয়োখন সদন স্থগিত ৰখাৰ পিচত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য দলৰ সাংসদসকলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকক সংসদ ভৱনৰ প্ৰথম মহলাৰ বাৰান্দাৰ পৰা বেনাৰ হাতত লৈ উচ্চ কণ্ঠৰে শ্লোগান দিয়া দেখা যায় (Opposition stages protest on Parliament corridors) ।
"আমি জেপিচি বিচাৰোঁ" লিখা বেনাৰ সংসদৰ ওখ বাৰান্দাত আঁৰি বিৰোধী নেতাসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে (Hindenbarg row in parliament)। উল্লেখ্য, চলিত বাজেট অধিবেশন আৰম্ভ হোৱাৰে পৰা হিণ্ডেনবাৰ্গ প্ৰতিবেদনত কৰা বিত্তীয় অনিয়ম আৰু ষ্টক হেৰফেৰ অভিযোগৰ বাবে বিৰোধী দলবোৰে কাৰ্যসূচী ব্যাহত কৰা আৰু আদানি বিষয়ত সম্পূৰ্ণ বিতৰ্কৰ দাবীৰ বাবে সদনত তীব্ৰ হুলস্থুলৰ সৃষ্টি হোৱা দেখা গৈছে (Parliament Budget session 2023) ।
বিৰোধী নেতাসকলে দাবী কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানি মন্দাৱস্থাৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিয়ক (PM Narendra Modi) । বিষয়টোৰ ওপৰত হুলস্থুলীয়া পৰিৱেশৰ পিছত ৰাজ্যসভা আৰু লোকসভা দুয়োখনেই দিনটোৰ বাবে স্থগিত কৰা হয় । আনহাতে, যেতিয়া ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে ভাষণ দিবলৈ উঠিছিল, তেতিয়া বিজেপি সদস্যসকলে শ্লোগান দিয়ে । যাৰ ফলত সদন স্থগিত ৰখা হয় ।