অসম

assam

By

Published : Jul 25, 2023, 12:44 PM IST

ETV Bharat / bharat

MP Protest: মণিপুৰৰ বিষয়ক লৈ নিশাও সংসদ ভৱনৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ

আপৰ সাংসদ সঞ্জয় সিঙক নিলম্বন কৰাৰ পাছতে সংসদ ভৱনৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ । বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ বেনাৰত নিশা প্ৰতিবাদত বহিল বিৰোধী দলৰ সাংসদসকল । সংসদত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবীত অটল বিৰোধী ।

MP Protest
মণিপুৰৰ বিষয়ক লৈ নিশাও সংসদ ভৱনৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক, ২৫ জুলাই : মণিপুৰৰ বিষয়ক লৈ সংসদত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে । বিৰোধীৰ হুলস্থূলৰ বাবে বহুবাৰ স্থগিত ৰাখিবলগীয়া হৈছে সদন । কিন্তু নিজৰ স্থিতিত অটল আছে বিৰোধী । প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবীত বিৰোধীয়ে ঐক্যবদ্ধ প্ৰতিবাদৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ মাজতে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে সোমবাৰে নিলম্বিত কৰে আপৰ সাংসদ সঞ্জয় সিঙক । লগে লগে বিৰোধীৰ প্ৰতিবাদ আৰু বেছি তীব্ৰতৰ হৈ পৰে । সংসদৰ বাহিৰতো বিৰোধীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে । সংসদৰ বাহিৰত সোমবাৰে নিশালৈ প্ৰতিবাদত বহি থাকিল বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ সাংসদসকল ।

উল্লেখ্য যে, সংসদৰ ভিতৰত উচ্ছৃংখল আচৰণৰ বাবে আপৰ সাংসদ সঞ্জয় সিঙক নিলম্বন কৰাৰ পাছতে 'INDIA'ৰ অংশ বিৰোধী দলৰ সাংসদসকলে সংসদ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য আৰু বিতং আলোচনাৰ দাবীত বিৰোধীয়ে কয় যে, দাবীসমূহ পূৰণ নোহোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব ।

ইফালে বিৰোধী দলৰ কেইবাজনো নেতাই মণিপুৰৰ বিষয়টোৰ ওপৰত ব্যাপক আলোচনা বিচাৰি সদন স্থগিতৰ জাননী দাখিল কৰিছিল । কিন্তু তাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত বিৰোধীয়ে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । আনহাতে, সোমবাৰে নিশা কংগ্ৰেছ, আম আদমি পাৰ্টী (আপ) আৰু তৃণমূল কংগ্ৰেছ (টিএমচি)ৰ বিৰোধী নেতাসকলে একত্ৰিত হৈ 'মণিপুৰৰ বাবে ইণ্ডিয়া' বুলি লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদত বহে । ইয়াৰ দ্বাৰা মণিপুৰৰ গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে একাত্মতা প্ৰকাশ কৰাৰ প্ৰয়াস কৰে বিৰোধীয়ে ।

সঞ্জয় সিঙৰ নিলম্বন সম্পৰ্কত বিৰোধীয়ে অভিযোগ কৰে যে, এগৰাকী সাহসী সাংসদে মণিপুৰৰ বিষয়টো উত্থাপন কৰাৰ বাবে তেওঁক নিলম্বন কৰা হ'ল । টিএমচিৰ সাংসদ সাকেত গোখলেয়ে সামাজিক মাধ্যমত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ বেনাৰত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলৰ যৌথ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে । তেওঁ গৌৰৱেৰে কয় যে, তেওঁলোকে সঞ্জয় সিঙৰ সৈতে একত্ৰিত হৈ গোটেই নিশা একেলগে বহি আছিল । সঞ্জয় সিঙৰ নিলম্বনক অন্যায় আৰু আচৰিত বুলিও তেওঁ অনুভৱ কৰে ।

সংবাদ মাধ্যমৰ সন্মুখত কেৰালাৰ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জেবি মাথুৰে কয় যে, যদি চৰকাৰে ভাবে যে সঞ্জয় সিঙক নিলম্বন কৰি চৰকাৰে ভয় খুৱাব তেন্তে তেওঁলোকে ভুল ভাবিছে । দাবী পূৰণ নোহোৱালৈকে বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখিব । বিৰোধী ঐক্যবদ্ধ আৰু শক্তিশালী যাৰ বাবে চৰকাৰে তেওঁলোকক ভয় কৰে বুলিও সাংসদগৰাকীয়ে দাবী কৰে । প্ৰধানমন্ত্ৰীয়ে কিহৰ ভয়ত সংসদত এটা বিবৃতি দিয়া নাই বুলিও তেওঁ প্ৰশ্ন কৰে ।

লগতে পঢ়ক :Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !

ABOUT THE AUTHOR

...view details