অসম

assam

ETV Bharat / bharat

Budget session: ৰাহুল গান্ধীৰ বক্তব্যক লৈ উত্তাল হৈ পৰিছে দুয়োখন সদন

সোমবাৰে সংসদত বিৰোধী দলসমূহে বৈঠকত মিলিত হৈ সদনৰ মজিয়ালৈ এক কৌশল সম্ভাৱনা আছে । ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ সংসদত থকা কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে এক সূত্ৰই (Opposition parties to meet at Parliament today) ।

By

Published : Mar 20, 2023, 9:54 AM IST

Updated : Mar 20, 2023, 11:01 AM IST

Opposition parties to meet at Parliament today
Budget session 2023

নিউজ ডেস্ক, 20 মাৰ্চ: লক্ষ্যনীয়ভাৱে শুকুৰবাৰে শাসকীয় বিজেপি আৰু বিৰোধী দলসমূহে নিজৰ বিষয়সমূহ উত্থাপন কৰিবলৈ বিচাৰি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰাত পঞ্চম দিনৰ বাবে সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত হৈ পৰে ৷ সংসদৰ বাহিৰতো ৰাহুল গান্ধীৰ মন্তব্য আৰু আদানী বিষয়ক লৈ বিজেপি আৰু কংগ্ৰেছৰ নেতাসকলে ইজনে সিজনক লক্ষ্য কৰি লোৱাৰ ফলত এই বাক-বিতণ্ডা অব্যাহত থাকে (Adani Hindenburg row)।

লোকসভা বৈঠকৰ অন্তত হিণ্ডেনবাৰ্গ-আদানী বিবাদৰ যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবীক লৈ বিৰোধী সদস্যসকলে অধ্যক্ষৰ ওচৰত গৈ হুলস্থূলীয়া পৰিবেশৰ সূচনা কৰে । বিজেপিৰ সদস্যসকলে যুক্তৰাজ্যত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰি দেশৰ প্ৰতিষ্ঠানসমূহক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে (BJP slams Rahul Gandhi) ।

কংগ্ৰেছে অভিযোগ কৰে যে, ৰাহুল গান্ধীক বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ দিবলৈ দিয়া উচিত বুলি শ্লোগান দিয়াৰ পিচতে অডিঅ’ বন্ধ কৰি দিয়া হয় । কংগ্ৰেছৰ সদস্যসকলে অভিযোগ উত্থাপন কৰে যে, সদনৰ কাৰ্যবিধিৰ প্ৰায় ২০ মিনিট সময় কোনো অডিঅ’ নাছিল । চৰকাৰী সূত্ৰই জনোৱা মতে, “কাৰিকৰী বিজুতি”ৰ বাবে অডিঅ’টো বন্ধ হৈ পৰিছিল ৷

ৰাজ্যসভাতো ব্যাপক হুলস্থূলৰ সৃষ্টি হোৱাত দিনটোৰ বাবে স্থগিত ৰখা হয় কাৰ্যসূচী । ইয়াৰ পূৰ্বে সদনে তালিকাভুক্ত ব্যৱসায়ৰ কিছু অংশ গ্ৰহণ কৰিছিল । ১৩ মাৰ্চৰ পৰা আৰম্ভ হৈছিল বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় (Union Budget session 2023) ৷

লগতে পঢ়ক:Delhi Police at Rahul Gandhi residence : ৰাহুল গান্ধীৰ বাসগৃহত দিল্লী আৰক্ষী, কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

যুক্তৰাজ্য ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ সংসদৰ বাহিৰত বিজেপি নেতাসকলে ৰাহুল গান্ধীৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছিল । ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে, ৰাহুল গান্ধী “ৰাষ্ট্ৰীয়তাবাদ বিৰোধী উপাদান”ৰ স্থায়ী অংশ হৈ পৰিছে ।

এএনআইৰ আগত নাড্ডাই কয় যে, কংগ্ৰেছ দলে ৰাষ্ট্ৰ বিৰোধী কাম-কাজত লিপ্ত হোৱাটো দুৰ্ভাগ্যজনক । জনতাই বাৰে বাৰে প্ৰত্যাখ্যান কৰাৰ পিচত এতিয়া ৰাহুল গান্ধী এই ৰাষ্ট্ৰীয়তাবাদ বিৰোধী উপাদানৰ স্থায়ী অংগ হৈ পৰিছে । তেওঁ ৰাহুল গান্ধীয়ে "ভাৰতৰ আভ্যন্তৰীণ বিষয়ত আন এখন দেশৰ হস্তক্ষেপ" বিচৰাৰ অভিযোগ উত্থাপন কৰে (JP Nadda takes a jibe to Rahul Gandhi)।

"ৰাহুল গান্ধী, যেতিয়া আপুনি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত আন এখন দেশৰ হস্তক্ষেপৰ দাবী কৰে তেতিয়া আপোনাৰ উদ্দেশ্য কি ? যি সময়ত ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিলৈ পৰিণত হৈছে আৰু ইয়াত জি-২০ৰ বৈঠক অনুষ্ঠিত হৈ আছে, সেই সময়ত বিদেশৰ মাটিত ৰাহুল গান্ধীয়ে দেশ আৰু সংসদক অপমান কৰিছে ।’’ নাড্ডাই কয় ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে নাড্ডাক প্ৰত্যুত্তৰ দিয়ে । খাৰ্গেয়ে অভিযোগ কৰে, "তেওঁলোক (বিজেপি) নিজেই জাতিবিৰোধী । ভাৰতৰ স্বাধীনতা আন্দোলনত কেতিয়াও অংশ লোৱা নাছিল ৷ ব্ৰিটিছৰ বাবে কাম কৰিছিল আৰু আনক জাতিবিৰোধী বুলি কৈছে ? নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ বিষয়ৰ পৰা আঁতৰি আহিবলৈ এই কাম কৰিছে ।"

তেওঁ লগতে কয়, "ৰাহুল গান্ধী কেতিয়াবা জাতিবিৰোধী হ'ব পাৰেনে ? গণতন্ত্ৰক লৈ বিতৰ্ক কৰা লোকসকল জাতিবিৰোধী নেকি ? জে পি নাড্ডাৰ মন্তব্যক মই গৰিহণা দিছোঁ । ক্ষমা বিচৰাৰ কোনো লাভ নাই । আমি সংসদত ইয়াৰ যোগ্য উত্তৰ দিম । ৰাহুল গান্ধীয়ে নিজেই দিব । সেইবাবেই তেওঁলোকে (বিজেপি) ভয় খাইছে ।’’ (Mallikarjun Kharge slams Nadda)

লগতে পঢ়ক:Adani Group suspends petrochemical project : আদানী গ্ৰুপে বন্ধ কৰিছে 34500 কোটি টকাৰ পেট্ৰ’কেমিকেল প্ৰকল্পৰ কাম

খাৰ্গেয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিকবাৰ দেশক “অপমান” কৰিছে । তেওঁ কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে মানুহ আৰু ব্যৱসায়ীয়ে কয় যে মই কি পাপ কৰি ভাৰতত জন্ম লৈছো । দেশৰ জনসাধাৰণক অপমান কৰা সকলে আমাক জাতিবিৰোধী বুলি কৈছে ? প্ৰথমে তেওঁ ক্ষমা খুজিব লাগে ।"

ৰাহুল গান্ধীয়ে তেওঁৰ বিৰুদ্ধে নড্ডাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ অস্বীকাৰ কৰে । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সংবাদমেলত ৰাহুল গান্ধীৰ "দুৰ্ভাগ্যজনকভাৱে মই সাংসদ" মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ যিটো পৰৱৰ্তী সময়ত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ দ্বাৰা পৰীক্ষা কৰাৰ পিচত তেওঁ শুধৰাই দিয়ে ।

ৰাহুল গান্ধীক জয়ৰাম ৰমেশে শুধৰাই থকা সংবাদমেলৰ ক্লিপ ভাইৰেল হৈ পৰিছে । "কেতিয়াবা, সত্যটো স্বাভাৱিকভাৱে ওলাই আহে আৰু ৰাহুলে সঠিকভাৱে কোৱাৰ দৰে দুৰ্ভাগ্যজনকভাৱে তেওঁ সংসদৰ সদস্য ৷ কাৰণ তেওঁ বিদেশৰ ভূমিত ভাৰতৰ সংসদক লৈ বদনাম আৰু মিছা প্ৰচাৰ কৰে । যাৰ বাবে দুৰ্ভাগ্যজনকভাৱে তেওঁ সদস্য ।’’ এএনআইক এইদৰে কয় অনুৰাগ ঠাকুৰে । তেওঁ লগতে কয়, ‘‘আজি ‘RAHUL’ৰ অৰ্থ হৈছে ‘Regretful Awful Hateful Ungrateful Liar’।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাহুলে বিনাচৰ্তে ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে । "কিন্তু তেওঁ এতিয়াও সেইটোৰ চৰ্ত ৰাখিছে । তেওঁ দেশৰ শাসনৰ ঊৰ্ধত নেকি ? তেওঁ সদনৰ নিয়ম আৰু পদ্ধতিৰ ওপৰত নেকি ? গান্ধী পৰিয়ালে এতিয়াও অনুভৱ কৰে নে যে তেওঁলোক দেশ আৰু সংসদৰ ওপৰত ?" ঠাকুৰে প্ৰশ্ন কৰে (Anurag Thakur to Rahul Gandhi) ৷

লগতে পঢ়ক:Delhi police at Rahul Gandhi residence : নিৰ্যাতিতাৰ তথ্য বিচাৰি ৰাহুল গান্ধীৰ ঘৰত আৰক্ষী

"ৰাহুল গান্ধীয়ে বুজিব লাগিব যে সদনৰ নিয়ম আৰু পদ্ধতি অনুসৰি আৰু সন্মানীয় অধ্যক্ষই দিয়া নিৰ্দেশনা মতে সংসদ পৰিচালিত হয় । কিন্তু সেয়া হ'ব পাৰে যদিহে তেওঁ সদনলৈ আহি নিয়মসমূহ পঢ়ে আৰু মই বিশ্বাস কৰোঁ যে তেওঁ সেই কথা বুজিব লগতে সদন আৰু সংসদৰ ওচৰত ক্ষমা বিচাৰিব ।’’ ঠাকুৰে লগতে কয় ।

বৃহস্পতিবাৰে ৰাহুলে কয় যে, যুক্তৰাজ্যত কৰা মন্তব্যক লৈ চাৰিজন মন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিচত সংসদত বিতংভাৱে বক্তব্য ৰখাৰ আশা কৰিছে । "যদি ভাৰতীয় গণতন্ত্ৰ কাৰ্যকৰী হ'লহেঁতেন তেন্তে সংসদত মোৰ কথাখিনি ক'ব পাৰিলোহেঁতেন । গতিকে, আচলতে আপুনি যি দেখিছে, সেয়া ভাৰতীয় গণতন্ত্ৰৰ পৰীক্ষা । বিজেপিৰ চাৰিজন নেতাই এজন সংসদ সদস্যক লৈ অভিযোগ উত্থাপন কৰাৰ পিচত সেই চাৰিজন মন্ত্ৰীক যি স্থান দিয়া হৈছে, সেই সংসদ সদস্যজনক সেই একেই স্থান দিয়া হ’ব নে তেওঁক মুখ বন্ধ কৰিবলৈ কোৱা হ’ব ? দেশৰ সন্মুখত বৰ্তমান আচল প্ৰশ্ন সেইটোৱেই হৈছে ।’’ ৰাহুল গান্ধীয়ে কয় ।

কংগ্ৰেছ নেতা শশী থাৰুৰে ৰাহুল গান্ধীৰ পক্ষ লয় আৰু তাৰ বাবে তেওঁ ক্ষমা খুজিবলগীয়া একো নাই বুলি কয় । থাৰুৰে এএনআইক কয়, ‘‘ৰাহুল গান্ধীয়ে কেতিয়াও আমাৰ গণতন্ত্ৰক বচাবলৈ বিদেশী শক্তিক আমাৰ দেশলৈ আহিবলৈ দাবী কৰা নাছিল । তেওঁ ক্ষমা খুজিবলগীয়া একো কোৱা নাই । এয়া আজে বাজে কথা ।’’

লগতে পঢ়ক:Amritpal Singh updates: পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে অমৃতপাল সিঙক; ইমান সিং খাৰাৰ দাবী

কংগ্ৰেছৰ সাংসদ থাৰুৰে লগতে কয় যে, "গণতন্ত্ৰ আমাৰ দেশত বিপদত পৰিছে আৰু ইয়াৰ বিষয়ে সকলোৱে জনা উচিত । মই ইয়াত একো ভুল শুনা নাছিলো ।" কেমব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া বক্তৃতাত ৰাহুল গান্ধীয়ে কৈছিল যে, সকলোৱে জানে "ভাৰতীয় গণতন্ত্ৰ যে হেঁচাত পৰিছে আৰু আক্ৰমণৰ সন্মুখীন হৈছে"।

Last Updated : Mar 20, 2023, 11:01 AM IST

ABOUT THE AUTHOR

...view details