আগৰতলা,১৮ মাৰ্চ :বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰিপুৰাৰ বিধানসভাৰ অধিৱেশন (Budget session of Tripura Assembly)। ৫ দিনীয়া এই অধিৱেশনৰ প্ৰথমটো দিনতে বিৰোধীৰ প্ৰতিবাদত উত্তাল হ'ল সদনৰ মজিয়া । ৰাজ্যপালনৰ ভাষণৰ সময়তে বিৰোধী নেতাসকলৰ প্ৰতিবাদ (Tripura opposition leaders protest during Governor speech)। ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যৰ ভাষণ বৰ্জন কৰে নেতাসকলে ।
ৰাজ্যখনত আইন-শৃংখলাৰ অৱনতিৰ অভিযোগত ৰাজ্যপালৰ নীৰৱতা আৰু নিষ্ক্ৰিয় ভূমিকাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ ভাষণৰ সময়তে বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে (Opposition MLAs walk out on of budget session in Tripura)। উল্লেখ্য যে ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ লগে লগে বিৰোধী দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে তেওঁৰ ভাষণত বাধা প্ৰদান কৰে আৰু অভিযোগ কৰে যে ত্ৰিপুৰাত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বাক স্বাধীনতা আৰু গণতান্ত্ৰিক আন্দোলনৰ অধিকাৰক বাধা দিয়া হৈছে । আনহাতে এই ক্ষেত্ৰত ৰাজ্যপালে নীৰৱ ভূমিকা পালন কৰাৰ লগতে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।