অসম

assam

ETV Bharat / bharat

Manish Sisodia arrest update: মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীলৈ 9 বিৰোধী দলৰ পত্ৰৰ - Delhi liquor scam update

মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধীতা কৰি প্ৰধানমন্ত্ৰীলৈ আম আদমী পাৰ্টীসহ 9 টা বিৰোধী দলৰ পত্ৰৰ ৷ মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰক গণতন্ত্ৰ প্ৰতি ভাবুকি বুলি উল্লেখ পত্ৰত (Manish Sisodia arrest update) ৷ নিৰ্বাচনী যুঁজত জয়ী হ'বলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক চৰকাৰে ব্যৱহাৰ কৰাৰ অভিযোগ ৷

Manish Sisodia arrest update
মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীলৈ 9 বিৰোধী দলৰ পত্ৰৰ

By

Published : Mar 5, 2023, 9:33 PM IST

নেশ্যনেল ডেস্ক, 5 মাৰ্চ: দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰীলৈ বিৰোধী দলৰ পত্ৰ ৷ আম আদমী পাৰ্টীসহ 9 টা বিৰোধী দলে মনীষ চিছোদিয়াক মুকলি কৰি দিয়াৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷ ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে চিছোদিয়াক কিয় গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰি এয়া দেশৰ গণতন্ত্ৰৰ বাবে ভয়াৱহ বুলি উল্লেখ কৰে (Opposition latter to PM) ৷

অৰবিন্দ কেজৰিৱালকে ধৰি আন নেতাসকলে মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰক সমগ্ৰ বিশ্বৰ ৰাজনৈতিক প্ৰতিহিংসাৰ উদাহৰণ হিচাবে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছে ৷ পত্ৰখনত উল্লেখ আছে যে, নিৰংকুশ সংখ্যাগৰিষ্ঠতা থকা এটা দলে ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি সৃষ্টি কৰা ভাবুকিয়ে সমগ্ৰ বিশ্বতে এটা বাৰ্তা প্ৰেৰণ কৰিছে ৷ চিছোদিয়াক গ্ৰেপ্তাৰ কৰি ৰখাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত বিআৰএছ ৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাও, তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মান, তেজস্বী যাদৱ, ফাৰুক আব্দুল্লাহ, শৰদ পাৱাৰ, উদ্ধৱ ঠাকৰে আৰু অখিলেশ যাদৱৰ নাম উল্লেখ কৰা হৈছে (Manish Sisodia arrest update) ৷

পত্ৰখনত কেন্দ্ৰীয় চৰকাৰে কেনেকৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহক নিৰ্বাচনী যুঁজত জয়ী হ'বলৈ অপব্যৱহাৰ কৰি আছে তাৰ কথাও উল্লেখ কৰিছে । সমান্তৰালভাৱে ৰাজ্যপালৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰা হৈছে পত্ৰখনত (CBI arrested Manish Sisodia) ৷

উল্লেখ্য যে, দিল্লীৰ আবকাৰী কেলেংকাৰীত চিবিআইৰ জিম্মাত থকা মনীষ চিছোদিয়াই এতিয়াও আদালতৰ পৰা কোনো সকাহ পোৱা নাই ৷ পাঁচ দিনৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিচত শনিবাৰে চিবিআইয়ে মনীষ চিছোদিয়াক আদালতত হাজিৰ কৰোৱাই পুনৰ দুদিনৰ জিম্মাত লয় ৷ গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব সোমবাৰে আৰু চিছোদিয়াৰ জামিন আবেদনৰ শুনানি হ’ব 10 মাৰ্চত (Delhi liquor policy) ৷

26 ফেব্ৰুৱাৰীত চিবিআইয়ে মনীষ চিছোদিয়াক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল আৰু তদন্তত সহযোগিতা নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ৷ মনীষ চিছোদিয়াৰ বিৰুদ্ধে দিল্লীৰ আবকাৰী নীতি প্ৰস্তুত কৰোঁতে কেলেংকাৰী সংঘটিত কৰা বুলি উত্থাপন হৈছিল অভিযোগ (Delhi liquor scam update) ৷

লগতে পঢ়ক:Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য

ABOUT THE AUTHOR

...view details