নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ:শনিবাৰৰ পৰা দুদিনীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটী (CWC)ৰ বৈঠক ৷ আজিৰ অৰ্থাৎ বৈঠকৰ প্ৰথম দিনা কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সকলো গণতান্ত্ৰিক শক্তিক সংবিধানৰ ওপৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘আক্ৰমণ’ক গৰিহণা দিবলৈ আৰু প্ৰতিৰোধ ল’বলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷
হায়দৰাবাদৰ এখন পঞ্চতাৰকা হোটেলত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক ৷ বৈঠক কংগ্ৰেছৰ সভাপকি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, ছোনিয়া গান্ধী, পি চিদাম্বৰম, জয়ৰাম ৰমেশ, অম্বিকা চোনি, এ কে এণ্টনীকে ধৰি বহুতো জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷
CWCৰ প্ৰস্তাৱ অনুসৰি, কেন্দ্ৰৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে সহযোগিতামূলক ফেডাৰেলিজমৰ নীতি আৰু প্ৰথাসমূহ ব্যৱহাৰিকভাৱে ধ্বংস কৰিছে ৷ বিৰোধী শক্তিৰ সন্মিলিত মঞ্চ I.N.D.I.A ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক বিপথে পৰিচালিত কৰিছে ৷
প্ৰস্তাৱত কোৱা হয় যে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে এনে এখন ৰাষ্ট্ৰ পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে য’ত জাতি বা ধৰ্ম নিৰ্বিশেষে প্ৰতিজন ভাৰতীয়, ধনী বা দৰিদ্ৰ, যুৱ বা বৃদ্ধ, গৌৰৱান্বিত হ'ব পাৰে । CWCৰ প্ৰস্তাৱত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) বাবে সংৰক্ষণৰ এক বিদ্যমান উচ্চ সীমা বৃদ্ধি কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৷