আগৰতলা,২৮ জানুৱাৰী :ত্ৰিপুৰাৰ বৰ্তমানৰ বিজেপি চৰকাৰক পুনৰ সমালোচনা চিপিআই(এম)ৰ । বৰ্তমানৰ চৰকাৰক নিয়ন্ত্ৰণহীন আখ্যা বিৰোধী দল চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীৰ (CPIM calls Tripura government rudderless)। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰে বাওঁপন্থী নেতাগৰাকীয়ে । তেওঁৰ মতে ২০১৮ চনত গঠন হোৱাৰ চৰকাৰখনৰ কোনো দিশ নাছিল আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে চৰকাৰ লক্ষ্যৰ পৰাও বিচলিত হৈছে ।
নেতাগৰাকীৰ অভিযোগ ৰাজ্যখনত কোনো উন্নয়নমূলক কাম হোৱা নাই (Developments in Tripura during BJP rules)। ক'ভিডৰ বৰ্তমান পৰিস্থিতিৰ কথা উল্লেখ কৰি নেতাগৰাকীয়ে কয় যে মহামাৰীৰ সংক্ৰমণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে লগতে ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে । যাৰ বাবে সমগ্ৰ বিষয়টোত গুৰুত্ব প্ৰদানৰ বাবে চিপিআই(এম) দলে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল ।
বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰি চিপিআই(এম) দলে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । কিন্তু তেওঁৰ অভিযোগ আজিলৈ বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । তথাপিও তেওঁ আশাবাদী যে চৰকাৰখনে এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব ।