নেশ্যনেল ডেস্ক, ২১ আগষ্ট: ২০ ছেপ্তেম্বৰৰ পৰা প্ৰতিবাদত নামিব বিৰোধী দল । শুকুৰবাৰে দেশৰ ১৯ টাকৈ দলে এক ভাৰ্চুৱেল বৈঠক(Virtual meeting)ত অংশগ্ৰহণ কৰে । ২০২৪ ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ ঐক্যবদ্ধভাৱে ৰণকৌশল যুগুত কৰিছে বিৰোধীয়ে । এই পৰিকল্পনাৰ অংশ হিচাপে ২০ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে ।
এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি ১৯ টা বিৰোধী দলৰ নেতাই 'ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্যিক' আদৰ্শক ৰক্ষা কৰিবলৈ ভাৰতৰ জনসাধাৰণক এই একত্ৰিত হ'বলৈ আহ্বান জনায় । অনাগত দিনত দেশক উন্নতিৰ শিখৰত উপনীত কৰাবলৈ ভাৰতক ৰক্ষা কৰিবলৈ বিৰোধী দলবোৰে ৰাইজক আহ্বান জনাইছে । বিৰোধী দলকেইটাই ১১ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ চৰকাৰক অৰ্পণ কৰিব । উল্লেখ্য যে, বৰ্ষাকালীন অধিৱেশন(monsoon session)ত বিৰোধী দলবোৰে শাসকীয় দলটোক সদনৰ কাম কৰাত ব্যাঘাত জন্মাইছিল ।
বিৰোধী দলৰ নেতা, সাংবাদিকৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ পেগাছাছ স্পাইৱেৰৰ অবৈধ ব্যৱহাৰ কৰা, ক'ভিড-১৯ মহামাৰী সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধী দলে । লগতে তিনিখন কৃষক বিৰোধী আইন বাতিল কৰাৰো দাবী জনাই সদনতে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধীয়ে । দেশৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা বহু বিষয়াই কেন্দ্ৰীয় চৰকাৰে আলোচনা নকৰাৰ অভিযোগ বিৰোধী দলে উত্থাপন কৰিছে ।
শাসকীয় চৰকাৰে জনসাধাৰণক ইচ্ছাকৃতভাৱে উপেক্ষা কৰিছে বুলি কেন্দ্ৰক সমালোচনা কৰে বিৰোধীয়ে । শুকুৰবাৰৰ বৈঠকত ভাৰতীয় জাতীয় কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, ডিএমকে, শিৱসেনা, জেএমএম, চিপিআই, চিপিএম, ৰাষ্ট্ৰীয় সন্মিলন, ৰাষ্ট্ৰীয় জনতা দল, এআইইউডিএফ, ভিচিকে, লোকতান্ত্ৰিক জনতা দল, জেডিএছ, আৰএলডি, আৰএছপি, কেৰালা কংগ্ৰেছ মণি, পিডিপি আৰু আইইউএমএলে অংশ লয় ।