অসম

assam

ETV Bharat / bharat

PM Modi on Manipur Issue : মণিপুৰৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে বিৰোধীয়ে; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi attack opposition on Manipur issue

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পশ্চিমবংগত বিজেপিৰ ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদক সম্বোধন কৰে ।

PM Modi on Manipur Issue
PM Modi on Manipur Issue

By

Published : Aug 12, 2023, 2:30 PM IST

নিউজ ডেস্ক, ১২ আগষ্ট :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক ক্ষুৰধাৰ সমালোচনাৰে তীব্ৰ আক্ৰমণ চলায় । মোদীয়ে কয় যে বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত কোনো আলোচনা বিচৰা নাই ।

"আমি সংসদত বিৰোধীৰ অনাস্থা প্ৰস্তাৱক পৰাস্ত কৰিছোঁ আৰু সমগ্ৰ দেশতে নেতিবাচক দৃষ্টিভংগী বিয়পোৱাসকলক উপযুক্ত প্ৰত্যুত্তৰ দিছোঁ । বিৰোধী দলৰ সদস্যসকলে সংসদ মাজভাগতে এৰি গুচি যায় । সঁচা কথাটো হ'ল যে তেওঁলোকে অনাস্থা প্ৰস্তাৱত ভোটদান কৰিবলৈ ভয় খাইছিল ।" পশ্চিমবংগৰ কোলাঘাটত 'ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদ'ৰ উদ্বোধনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় ।

"তেওঁলোকে ভোটদান হোৱাটো বিচৰা নাছিল (অনাস্থা প্ৰস্তাৱত) । এই লোকসকলে মণিপুৰবাসীক বিশ্বাসঘাতকতা কৰাটো অতি দুখজনক । (বৰ্ষাকালীন) অধিবেশন (সংসদৰ) আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজনৈতিক দলসমূহলৈ পত্ৰ লিখি কৈছিল যে তেওঁ মণিপুৰৰ ওপৰত তাৎক্ষণিক আলোচনা কৰিব বিচাৰে । কিন্তু এই লোকসকলে (বিৰোধীয়ে) মণিপুৰ সন্দৰ্ভত আলোচনা বিচৰা নাছিল ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

"তেওঁলোকে জানিছিল যে মণিপুৰৰ সত্যই তেওঁলোকক পীড়িত কৰিব । তেওঁলোকে (বিৰোধী) মণিপুৰৰ লোকসকলৰ দুৰ্দশাৰ বিষয়ে চিন্তিত নাছিল । তেওঁলোকৰ বাবে তেওঁলোকৰ ৰাজনীতি (অধিক গুৰুত্বপূৰ্ণ আছিল) আৰু তেওঁলোকৰ দল দেশতকৈ ডাঙৰ ।" প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলক নতুন কৌশলেৰে আক্ৰমণ কৰি কয় ।

"তেওঁলোকে মণিপুৰ সন্দৰ্ভত আলোচনা বিচৰা নাছিল, সেয়েহে তেওঁলোকে ইয়াক উপেক্ষা কৰিছিল । আৰু তাৰ পৰিৱৰ্তে অনাস্থা প্ৰস্তাৱ আনিছিল আৰু ৰাজনৈতিক আলোচনাক অগ্ৰাধিকাৰ দিছিল । তেওঁলোকে তিনিদিন ধৰি ৰাজনৈতিকভাৱে নম্বৰ লাভ কৰিবলৈ চেষ্টা কৰিছিল ।" প্ৰধানমন্ত্ৰীয়ে লগতে কয় ।

প্ৰধানমন্ত্ৰীৰ মতে, বিজেপিৰ সকলো কৰ্মী আৰু নেতায়ে নাগৰিকসকলৰ ওচৰলৈ যাব লাগিব আৰু তেওঁলোকক সঁচা কথা ক'ব লাগিব । প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত শেহতীয়াকৈ অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনক লৈ মমতা বেনাৰ্জীৰ নেতৃত্বত শাসকীয় তৃণমূল কংগ্ৰেছকো আক্ৰমণ কৰি কয় যে সমগ্ৰ দেশে পূব ভাৰতৰ ৰাজ্যখনত 'হত্যাৰ ৰাজনীতি' প্ৰত্যক্ষ কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে তৃণমূলৰ ওপৰত বংগৰ পঞ্চায়ত নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে ভোটাৰসকলক ভয় খুৱাই থকা হৈছে । উল্লেখ্য যে বিজেপিৰ মুৰব্বী জে পি নাড্ডা কোলাঘাটত এই অনুষ্ঠানত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যেতিয়া তেওঁ বিজেপি কৰ্মীসকলক সম্বোধন কৰে তেতিয়া তেওঁ এক নতুন শক্তি লাভ কৰে । "মই সদায় আপোনালোকৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ চেষ্টা কৰোঁ, কিন্তু সময়ৰ সীমাবদ্ধতাৰ বাবে কিছুমান কাৰ্যসূচী মই ভাৰ্চুৱেলী সম্বোধন কৰিবলগা হয় ।" মোদীয়ে কয় ।

লগতে পঢ়ক :MP Raghav Chadha changes X Bio : সংসদৰ পৰা নিলম্বনৰ পাছতে এক্স বায়' সলনি ৰাঘৱ চাড্ডাৰ

ABOUT THE AUTHOR

...view details