নেশ্যনেল ডেস্ক,৪ আগষ্ট:পুনৰ পেগাচাছৰ প্ৰসংগক লৈ উত্তাল চলিত বৰ্ষাকালীন অধিৱেশন (Monsoon Session) । অধিৱেশন আৰম্ভ হোৱাৰ দিনটোৰ পৰাই সদনত পেগাচাছ বিষয়ক লৈ বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । মঙলবাৰে পুনৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী দলসমূহে ।
সাতটা বেলেগ বেলেগ ভাষাত পোষ্টাৰ প্ৰদৰ্শন কৰি সদন উত্তাল কৰি তোলে বিৰোধীয়ে । দুয়োখন সদনত সাতটা ভিন্ন ভাষাত বিশেষভাৱে ডিজাইন কৰা পোষ্টাৰ প্ৰদৰ্শন কৰি বিষয়টোৰ ওপৰত আলোচনাৰ দাবী জনায় বিৰোধীয়ে । পোষ্টাৰ খনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) বিৰোধীয়ে প্ৰশ্ন কৰিছে যে তেওঁলোকে পেগাচাছ স্পাইৱেৰ (Pegasus spyware) ক্ৰয় কৰিছে নেকি ? পোষ্টাৰৰ জৰিয়তে দুয়োগৰাকী নেতাৰ পৰা হয় বা নহয় বুলি উত্তৰো বিচাৰিছে বিৰোধীয়ে ।
তৃণমূল কংগ্ৰেছে প্ৰথমে এই পোষ্টাৰ প্ৰদৰ্শন আৰম্ভ কৰা বুলি কোৱা হৈছে । লগতে তেওঁলোকক সঁহাৰি দিছে আন কেইবাটাও বিৰোধী দলৰ নেতাই । ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (CPI) এগৰাকী সাংসদে পোষ্টাৰৰ মালায়ালী সংস্কৰণটো প্ৰদৰ্শন কৰিছিল । তামিল ভাষাৰ পোষ্টাৰখন দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (DMK)ৰ সাংসদ আৰু আম আদমী পাৰ্টিৰ (AAP) সঞ্জয় সিঙে হিন্দী সংস্কৰণটো প্ৰদৰ্শন কৰিছিল ।