অসম

assam

ETV Bharat / bharat

MP Suspension From Rajya Sabha: নিলম্বন প্ৰত্যাহাৰ নহ'লে সদন বৰ্জন কৰিব বিৰোধীয়ে ! - upper house of parliament

সোমবাৰে ৰাজ্যসভাৰ ১২ গৰাকী সাংসদক নিলম্বন কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নহ'লে সম্ভৱত সদন বৰ্জন কৰিব বিৰোধীয়ে (Opposition likely to boycott winter session) । ইতিমধ্যে পৰৱৰ্তী ৰণনীতি প্ৰস্তুতৰ বাবে বৈঠকৰ আহ্বান জনাইছে বিৰোধী নেতাসকলে ।

MP Suspension
নিলম্বন প্ৰত্যাহাৰ নহ'লে সদন বৰ্জন কৰিব বিৰোধীয়ে

By

Published : Nov 30, 2021, 3:26 PM IST

নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ :শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ৰাজ্যসভাৰ ১২ গৰাকীকৈ সাংসদক নিলম্বন কৰা হয় (12 MP suspended first day of winter session) । ইয়াৰ পাছতে বিৰোধী দলসমূহৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি বিৰোধী দলৰ নেতাসকলে মঙলবাৰে সমগ্ৰ বিষয়টো আলোচনাৰ বাবে বৈঠকৰো আহ্বান জনাইছে (Opposition meeting on MP suspension) ।

সূত্ৰৰ পৰা জানিব পৰা মতে, যদি সাংসদসকলৰ নিলম্বন প্ৰত্যাহাৰ কৰা নহয় তেনেহ'লে বিৰোধীয়ে সদন বৰ্জনৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে (Opposition likely to boycott winter session) । বিৰোধী কংগ্ৰেছে অভিযোগ কৰা মতে এই নিলম্বনৰ পাছত বৰ্তমান চৰকাৰী পক্ষৰ সংখ্যা গৰিষ্ঠ সাংসদ আছে সদনত । ইয়াৰ দ্বাৰা চৰকাৰে বিনা সংকোচে বিধেয়কবোৰ গৃহীত কৰিব পাৰিব বুলিও সন্দেহ প্ৰকাশ কৰে কংগ্ৰেছে ।

কংগ্ৰেছৰ মুখপাত্ৰ অভিষেক মনু সিংভিয়ে টুইটযোগে কয় যে ৰাজ্যসভাৰ পৰা ১২ গৰাকী সাংসদক নিলম্বন কৰাৰ পাছত বিজেপিৰ এতিয়া সংখ্যা গৰিষ্ঠ সাংসদ আছে । এতিয়া তেওঁলোকে উচ্চ সদন(upper house of parliament)ত বিলবোৰ সহজে পাছ কৰিব পাৰিব বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । ভাৰতৰ ইতিহাসত পূৰ্বে এনে ঘটনা হোৱা নাই বুলিও কয় নেতাগৰাকীয়ে । আনহাতে এই পদক্ষেপক অগণতান্ত্ৰিক, বেআইনী আৰু অসাংবিধানিক বুলিও কয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ।

ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত ১৪ টা বিৰোধী দলে এক বিবৃতিযোগে ঘটনাক সমালোচনা কৰি কয় যে বিৰোধী দলৰ নেতাসকলক অবাঞ্ছিত আৰু অগণতান্ত্ৰিকভাৱে নিলম্বন(unwarranted and undemocratic suspension) কৰা হৈছে । প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিলম্বিত শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে বিৰোধী নেতাসকল বৈঠকত মিলিত হ'ব ।

উল্লেখ্য যে ৰাজ্যসভাই সোমবাৰে শীতকালীন অধিৱেশনৰ সময়ত সদনত হুলস্থূল সৃষ্টি কৰাৰ বাবে ১২ গৰাকী সাংসদক নিলম্বন কৰিছিল । নিলম্বিত সাংসদসকল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিআই, চিপিআই(এম) আৰু শিৱসেনা দলৰ । নিলম্বিতসকল ক্ৰমে কংগ্ৰেছ দলৰ চৈয়দ নাছিৰ হুছেইন, অখিলেশ প্ৰসাদ সিং, ফুলো দেৱী নেতাম, ছায়া বাৰ্মা, ৰিপুন বৰা আৰু ৰাজমণি পেটেল,শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী আৰু অনিল দেশাই, চিপিআই(এম)ৰ ইলামাৰাম কৰিম, চিপিআইৰ বিনয় বিশ্বম, তৃণমূলৰ দোলা সেন আৰু শান্তা ছেত্ৰী ।

লগতে পঢ়ক :Parliament Winter session:লোকসভাত উত্থাপন হ'ব প্ৰজনন প্ৰযুক্তি বিধেয়ক

ABOUT THE AUTHOR

...view details