নেশ্যনেল ডেস্ক, 30 জুলাই : I.N.D.I.A. মিত্ৰজোঁটৰ বিৰোধী নেতাৰ ভ্ৰমণকাৰী প্ৰতিনিধি দলে দেওবাৰে ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । ৰাজ্যপাল আৰু ভ্ৰমণকাৰী প্ৰতিনিধি দলটোৱে তেওঁলোকৰ মত বিনিময়ৰ সময়ত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰলৈ বহুদলীয় প্ৰতিনিধি দল পঠিয়াবলৈ পৰামৰ্শ আগবঢ়ায় ।
4 মে’ৰ পৰা জাতিগত সংঘাতত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা ৰাজ্যখনত দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে উপস্থিত হয় গ্ৰেণ্ড বিৰোধী মিত্ৰজোঁটৰ 21 জনীয়া প্ৰতিনিধি দলটো । ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাচত সংবাদ মাধ্যমক সম্বোধন কৰি ভ্ৰমণকাৰী প্ৰতিনিধি দলৰ অংশ হিচাবে থকা কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, "21 গৰাকী সাংসদৰ জলটোৱে ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । মণিপুৰৰ পৰিস্থিতিক লৈ আমি তেওঁৰ সৈতে কথা পতাৰ সময়ত ঘটনা সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে দুখ প্ৰকাশ কৰে ৷"
কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে তেওঁলোকে ৰাজ্যপালৰ সৈতে দুদিনীয়া ভ্ৰমণৰ সময়ত তৃণমূল পৰ্যায়ৰ বিভিন্ন পৰিস্থিতি সন্দৰ্ভতো আলোচনাত মিলিত হয় বুলি জনায় ৷ শিবিৰবোৰ ভ্ৰমণৰ সময়ত 21 জনীয়া প্ৰতিনিধি দলটোৱে লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতা ৰাজ্যপালৰ সৈতে শ্বেয়াৰ কৰাৰ লগতে দলটোৱে আগবঢ়োৱা পৰামৰ্শৰ সৈতে ৰাজ্যপালে সমৰ্থন আগবঢ়াইছিল বুলি জনায় ।