নিউজ ডেস্ক, ২ আগষ্ট : ইণ্ডিয়ান নেচনেল ডেভলেপমেণ্ট ইনক্লুচিভ এলায়েন্স চমুকৈ 'ইণ্ডিয়া' মিত্ৰজোঁটৰ সংসদৰ দুয়োখন সদনৰ নেতা আৰু শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰা ২১ জন বিৰোধী সাংসদে বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই কথা প্ৰকাশ কৰিছে । "২৯ আৰু ৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰি অহা ইণ্ডিয়াৰ ২১ জন সাংসদে ২ আগষ্টৰ পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব । ইণ্ডিয়াৰ অন্তৰ্ভুক্ত সকলো দলৰ সদনৰ নেতাসকল তাত থাকিব ।" এক টুইটত তেওঁ কয় ।
উল্লেখ্য, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মঙলবাৰে হিংসাপীড়িত মণিপুৰ আৰু তাৰ পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰিবলৈ বিৰোধীৰ হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাতৰ বাবে সময় বিচাৰিছিল । সূত্ৰত প্ৰকাশ পোৱা মতে, ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত বিৰোধী দলসমূহে মণিপুৰৰ পৰিস্থিতি তেওঁৰ সন্মুখত উপস্থাপন কৰিব । উল্লেখ্য যে, বিৰোধী দলসমূহৰ মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ অংশীদাৰসকলৰ ২১ জনীয়া সাংসদৰ এটা প্ৰতিনিধি দলে যোৱা ২৯-৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰি আহিছে ।