অসম

assam

ETV Bharat / bharat

Manipur Crisis: মণিপুৰ সন্দৰ্ভত চৰকাৰৰে আলোচনাত বহিব নোখোজে বিৰোধী; মন্ত্ৰী অনুৰাগ - BJP on Manipur crisis

বিৰোধীয়ে নিজৰ প্ৰচাৰো বিচাৰে, আৰু আলোচনালৈও আহিব নিবিচাৰে ৷ তেওঁলোকে সংসদৰ কাৰ্যবিধিৰ পৰা পলাই ফুৰিছে ৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ বিৰোধীৰ স্থিতি সন্দৰ্ভত এইদৰে ক’লে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷

Mnaipur women naked parade
Manipur Crisis

By

Published : Jul 24, 2023, 7:02 AM IST

Updated : Jul 24, 2023, 8:25 AM IST

নিউজ ডেস্ক, 24 জুলাই: শেহতীয়াকৈ মণিপুৰ আৰু অন্যান্য ৰাজ্যত মহিলাৰ ওপৰত সংঘটিত হিংসাৰ ঘটনাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে দেওবাৰে কয় যে, যিকোনো ৰাজ্যতে মহিলাৰ ওপৰত হোৱা অত্যাচাৰ হৃদয় বিদাৰক ৷ এই ক্ষেত্ৰত ৰাজ্যখনে দায়িত্ব ল’ব লাগে আৰু এনে অপৰাধ হ্ৰাস কৰিব লাগে । দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ঠাকুৰে কয়, "যিকোনো ৰাজ্যৰ মহিলাৰ ওপৰত হোৱা অত্যাচাৰ হৃদয় বিদাৰক । ইয়াৰ দায়িত্ব লোৱা আৰু মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস কৰাটো ৰাজ্যৰ দায়িত্ব ।"

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বিৰোধী দলক তীব্ৰ সমালোচনা কৰি কয় যে, বিৰোধীয়ে সংসদৰ কাৰ্যবিধিৰ পৰা পলায়ন কৰিছে । সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঠাকুৰে কয়, "মণিপুৰ সন্দৰ্ভত আলোচনাৰ বাবে চৰকাৰ সাজু যদিও বিৰোধীয়েও একেখিনি কথা এৰাই চলিছে । সংসদৰ কাৰ্যবিধিৰ পৰাও পলাই গৈছে । তেওঁলোকৰ বাধ্যবাধকতা কি ? তেওঁলোকে লাইমলাইটত থাকিব বিচাৰে কিন্তু আলোচনাত বহিব নিবিচাৰে"।

ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক গৰিহণা দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, "যেতিয়া উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী আছিল, তেতিয়া পালঘৰত সাধুক নিৰ্মমভাৱে হত্যা কৰাৰ বাবে তেওঁ উত্তৰ দিব পৰা নাছিল । তেওঁ আলোচনাৰ বাবেও সাজু নাছিল"।

লক্ষণীয়ভাৱে, মণিপুৰৰ হিংসাক লৈ অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে যোৱা ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে ৷ বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত একেটা বিষয়তে আলোচনা কৰিবলৈ বিচাৰিছিল ।

ইফালে, মণিপুৰ আৰক্ষীয়ে শনিবাৰে ৰাজ্যত দুগৰাকী মহিলাক উলংগভাৱে পেৰেড কৰোৱাই যৌন নিৰ্যাতন চলোৱা ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, ২০২৩ চনৰ ৪ মে’ত সংঘটিত এই কাণ্ডত জড়িত মুঠ ৬ জন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে ।

শনিবাৰে বিজেপি সাংসদগৰাকীয়ে পশ্চিম বংগৰ মালদাৰ এটা ক্লিপো শ্বেয়াৰ কৰি দাবী কৰে যে, ভিডিঅ’টোত দেখা দুগৰাকী জনজাতীয় মহিলাক কাপোৰ খুলি মাৰপিট তথা অত্যাচাৰ কৰা হৈছে ৷ তাতো আৰক্ষী “নীৰৱ দৰ্শক” হৈয়ে আছে ।

লগতে পঢ়ক:Manipur violence updates: মণিপুৰৰ নাগৰিক সংগঠনৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ অসম ৰাইফলছৰ

বিজেপিৰ আই টি বিভাগৰ মুৰব্বী অমিত মালব্যই ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এই কাণ্ডৰ এটা ভিডিঅ’ টুইটাৰত পোষ্ট কৰে, যিটোl তেওঁ দাবী কৰে যে, যোৱা ১৯ জুলাইত মালদাৰ বামাংগোলা থানাৰ সাপ্তাহিক বজাৰ পাকুৱা হাটত এই কাণ্ড সংঘটিত হৈছে ।

‘‘১৯ জুলাইৰ পুৱা সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড । মহিলাসকল সামাজিকভাৱে প্ৰান্তীয় সম্প্ৰদায়ৰ আছিল আৰু তেওঁৰ তেজৰ বিচাৰি এটা দল উন্মাদ হৈ পৰিছিল”৷ পশ্চিম বংগ বিজেপিৰ প্ৰভাৰী মালব্যই কয় ৷

উল্লেখ্য যে, মণিপুৰত ৩ মে’ৰ পৰা হিংসাত্মক পৰিস্থিতিৰ অব্যাহত আছে ৷ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ (এছটি) শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ কোৱা নিৰ্দেশৰ বিৰুদ্ধে কুকি জনগোষ্ঠীয় লোকে প্ৰতিবাদ কৰে । মণিপুৰত কেৱল এছ টি সকলেহে পাহাৰীয়া অঞ্চলত মাটি ক্ৰয় কৰিব পাৰে ৷

Last Updated : Jul 24, 2023, 8:25 AM IST

ABOUT THE AUTHOR

...view details