নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী :'অপাৰেচন ননহে ফৰিষ্টে' অভিযানৰ অধীনত ৰে'লৱে আৰক্ষী বাহিনীৰ বৃহৎ সফলতা (Operation Nanhe Farishtey by RPF) । মুম্বাইৰ কেইবাটাও ৰে'ল ষ্টেচনৰ পৰা ৰে'লৱে আৰক্ষী বাহিনীয়ে (Railway Police Force, RPF) ৯৭৫ টা শিশুক উদ্ধাৰ কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিয়ে (Railway Police Force rescued 975 children) । শিশু সৰবৰাহকাৰী চক্ৰৰ পৰা শিশুসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ কৰাৰ বাবে এই অভিযানটো ভাৰতীয় ৰে'লৱেয়ে 'অপাৰেচন ননহে ফৰিষ্টে'ৰ বেনাৰত আৰম্ভ কৰিছিল । চৰকাৰী সূত্ৰ অনুসৰি, ঘৰ এৰি যোৱা বা হেৰাই যোৱা শিশুসকলক প্ৰায়ে এনেদৰে ৰে'লপথৰ ওচৰত পোৱা যায় ।
পশ্চিম ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া (Western Railways Public Relations Officer) সুমিত ঠাকুৰে এই সন্দৰ্ভত কয়, "ভাৰতীয় ৰে'লৱেই ৯৭৫ টা শিশু, ৬৫০ জন ল'ৰা আৰু ৩২৫ গৰাকী ছোৱালীক উদ্ধাৰ কৰে (Indian Railways rescued 975 children) । তেওঁলোকে ঘৰ এৰি ৰে'ল ষ্টেচনত বাস কৰা দেখা গৈছিল । উদ্ধাৰ কৰাসকলক তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ হাতত গতাই দিয়া হৈছে । আৰপিএফে শিশু সৰবৰাহ (child trafficking) প্ৰতিৰোধৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজ দিবলৈ এই অভিযান আৰম্ভ কৰিছিল ।"