অসম

assam

ETV Bharat / bharat

Operation Kaveri : ছুডানৰ পৰা জেদ্দালৈ ৰাওনা ১২১ গৰাকী ভাৰতীয়ৰ অষ্টমটো দল - Evacuation from Sudan

হিংসাজৰ্জৰ ছুডানৰ পৰা আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ অভিযান অব্যাহত (Evacuation from Sudan)। অপাৰেশ্যন কাবেৰীৰ অধীনত ইতিমধ্যে জেদ্দালৈ ৰাওনা হৈছে অষ্টমটো ভাৰতীয়ৰ দল । বায়ু সেনাৰ C-130J বিমানেৰে ১২১ গৰাকী ভাৰতীয়ক ছুডানৰ পৰা উদ্ধাৰ কৰা হৈছে ।

Operation Kaveri
ছুডানৰ পৰা জেদ্দালৈ ৰাওনা ১২১ গৰাকী ভাৰতীয়ৰ অষ্টমটো দল

By

Published : Apr 28, 2023, 12:12 PM IST

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :'অপাৰেশ্যন কাবেৰী'ৰ জৰিয়তে ছুডানৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে (Operation Kaveri in Sudan)। বৃহস্পতিবাৰে আৱদ্ধ ভাৰতীয়ৰ অষ্টমটো দলক লৈ জেদ্দালৈ ৰাওনা হৈছে বায়ু সেনাৰ C-130J বিমান (8th batch of Indian leaves Sudan)। বিমানখনে ছুডানৰ ৱাদি চিডনা বিমান ঘাটিৰ পৰা জেদ্দালৈ উৰা মাৰিছে । অষ্টমটো দলত প্ৰায় ১২১ গৰাকী লোক আছে বুলি জানিব পৰা গৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ।

ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে 'অপাৰেশ্যন কাবেৰী'ৰ অধীনত জেদ্দাৰ বন্দৰত ছুডানৰ পৰা উদ্ধাৰ কৰা ভাৰতীয়সকলক আদৰণি জনাইছিল । সেই সময়ত ছুডানৰ পৰা জেদ্দাত অৱতৰণ কৰা আইএএফ চি-১৩০জে বিমানখনত মুঠ ১৩৫ গৰাকী যাত্ৰী আছিল (Indian evacuation from Sudan)।

ছুডানৰ পৰা আৱদ্ধ ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ বিষয়ে অৱগত কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে বৃহস্পতিবাৰে টুইট কৰি কয় যে ভাৰতীয়সকল বিমানেৰে জেদ্দালৈ ৰাওনা হৈছে । আৱদ্ধ ভাৰতীয়সকলৰ ৭ম দলটো ছুডানৰ পৰা প্ৰস্থান কৰিছে । আইএএফচি-১৩০জে বিমানত থকা সপ্তম দলটোত আছিল ১৩৫ গৰাকী ভাৰতীয় ।

ছুডানৰ পৰা ভাৰতীয় নাগৰিকসকলক দ্ৰুত আৰু সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ বাবে নৌ আৰু বায়ুসেনা ব্যস্ত হৈ আছে । ইতিমধ্যে এণ্টি পাইৰেচী পেট্ৰ'লত থকা আইএনএছ টেগক ছুডান বন্দৰলৈ স্থানান্তৰ কৰা হৈছে । যাতে স্থানান্তৰ প্ৰক্ৰিয়াত সহায় হয় । আইএনএছ টেগ হৈছে ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মাণ কৰা চতুৰ্থ তলৱাৰ শ্ৰেণীৰ ফ্ৰিগেট ।

উল্লেখ্য যে ছুডানত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সংঘৰ্ষৰ ফলত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে (Sudan crisis)। ৭২ ঘণ্টাৰ যুদ্ধবিৰতিত আছে যদিও ঠায়ে ঠায়ে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এনে পৰিস্থিতিৰ মাজতে ছুডানত যাতে কোনো ভাৰতীয় নাগৰিক ৰৈ নাযায় তাৰ বাবে ভাৰতে যুদ্ধবিধ্বস্ত দেশখনত যুদ্ধ বিমান আৰু জাহাজ মোতায়েন কৰিছে ।

লগতে পঢ়ক :India starts evacuation from Sudan : ২৭৮ ভাৰতীয়ক লৈ জেদ্দালৈ ৰাওনা আইএনএছ সুমেধা

ABOUT THE AUTHOR

...view details